Breaking News

গোলাঘাটত জিলা পৰ্য্যায়ত পোষণ মাহ, ২০২২ আৰু মাত্ৰু বন্দনা সপ্তাহ, ২০২২ ৰ শুভাৰম্ভণি



"সবল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত"- এই মূল বিষয়বস্তুৰে জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি গোলাঘাট জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত আনুষ্ঠানিকভাবে "পোষণ মাহ-২০২২" আৰু  "মাত্ৰু বন্দনা সপ্তাহ-২০২২" ৰ শুভাৰম্ভণি কৰা হয় ৷ এই উপলক্ষে অতিৰিক্ত উপায়ুক্ত ডাঃ সংগীতা বৰঠাকুৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত পোষণ অভিযানৰ জিলা সমন্বয়ক প্ৰিয়মজিত দুৱৰাই গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱাই থকা মহিলা, ০ পৰা ৬ বছৰ বয়সৰ শিশু আৰু কিশোৰীসকলৰ  পৰিপুষ্টি তথা কল্যাণৰ বাবে সমাজ কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়ন হৈ থকা বিভিন্ন আচঁনিৰ বিষয়ে উল্লেখ কৰাৰ লগতে পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহৰ জৰিয়তে সমাজখনত পৰিপুষ্টি সন্দৰ্ভত সজাগতা সৃষ্টিৰ  বাবে গ্ৰহণ কৰিবলগীয়া  পদক্ষেপৰ বিষয়ে বিতংভাবে বৰ্ণনা আগবঢ়ায় । পোষণ মাহ উপলক্ষে 'পুষ্টি ৰথ' আৰু 'পোষণ পঞ্চায়ত'ৰ ব্যৱস্থা কৰাৰ লগতে ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতা সন্দৰ্ভত সজাগ কৰাৰ বাবে 'কিশোৰী পঞ্চায়ত', ঔষধি গছৰ পুলি ৰোপণৰ বাবে 'পোষণ বাটিকা' শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰা, যোগ আৰু আয়ুষৰ প্ৰসাৰ আৰু প্ৰচাৰ, ৰক্তহীনতা সম্পৰ্কীয় শিবিৰ, পৰীক্ষা শিবিৰ, পুষ্টিকৰ খাদ্যৰ ৰন্ধন প্ৰতিযোগিতা, পুষ্টিহীনতাত ভোগা শিশু চিনাক্ত কৰি উপযুক্ত পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰা আদি ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।  


সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জিলাখনত পোষণ মাহ তথা মাত্ৰু বন্দনা সপ্তাহৰ লগত জড়িত সকলো কাৰ্য্যসূচী সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি  তুলিবলৈ সংশ্লিষ্ট সকলো বিভাগৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে মহিলাসকলক সবল কৰি তুলিলেহে ল'ৰা-ছোৱালী সুস্থ সবল হ'ব । চৰকাৰী আঁচনিসমূহৰ বিষয়ে মহিলাসকলক সজাগ কৰাৰ বাবে এই অভিযান ৰূপায়ন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে গৰ্ভাৱস্থাত মৃত্যু হোৱা, প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, শিশুৰ মাজত পুষ্টিহীনতা দুৰ কৰা, মাহেকীয়াৰ সময়ত ল'বলগীয়া সাৱধানতা আদিৰ বিষয়ে সজাগতা সৃষ্টিয়েই এই অভিযানৰ প্ৰধান লক্ষ্য । 


আজিৰ অনুষ্ঠানতে জিলাখনৰ ১৭ টি শিশুক স্বাস্থ্যবান শিশু হিচাপে পুৰস্কৃত কৰা হয় । আজিৰ অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁই, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, উপ-আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱা, জ্যেষ্ঠ চিকিৎসক ডাঃ হীৰেণ শইকীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প প্ৰবন্ধক অনুষ্কা বৰুৱা আৰু সমাজ কল্যাণ বিভাগ তথা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী, অংগনৱাড়ী কৰ্মী, মহিলা আৰু শিশুসকল উপস্থিত আছিল । 

No comments