Breaking News

ঋষি চুনাক পৰাজিতঃ লিজ ট্ৰাছক ইউকেৰ প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা



কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা লিজ ট্ৰাছে ভাৰতীয় বংশোদ্ভূত নেতা ঋষি চুনাকৰ বিৰুদ্ধে নেতৃত্বৰ দৌৰত জয়লাভ কৰি যুক্তৰাজ্যৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ট্ৰাছ কাইলৈ প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব ল’ব ।


লিজ ট্ৰাছে এই সন্দৰ্ভত টুইট কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে এনেদৰে-"কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা নিৰ্বাচিত হোৱাৰ বাবে মই সন্মানিত। আমাৰ মহান দেশৰ নেতৃত্ব আৰু বিতৰণৰ বাবে মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে  ধন্যবাদ। এই কঠিন সময়বোৰৰ মাজেৰে আমাৰ সকলোকে প্ৰাপ্ত কৰিবলৈ, আমাৰ অৰ্থনীতি বৃদ্ধি কৰিবলৈ আৰু যুক্তৰাজ্যৰ সম্ভাৱনা কঢ়িয়াই আনিবলৈ মই সাহসী পদক্ষেপ লম," 

উল্লেখ্য যে মাৰ্গাৰেট থ্যাচাৰ আৰু থেৰেছা মেৰ পিছত তেওঁ ব্ৰিটেইনৰ তৃতীয় গৰাকী মহিলা প্ৰধানমন্ত্ৰীৰূপে দায়িত্ব ল’ব।

No comments