Breaking News

গছ বচাওক ধ্বনিৰে উত্তাল গোলাঘাট। গোলাঘাট নগৰত চলা বনধ্বংসৰ বিৰুদ্ধে ওলাই আহিল নাগৰিক সমাজ

 


গোলাঘাট নগৰত গছ কটা অভিযানৰ বিৰুদ্ধে স্বতস্ফূৰ্তভাৱে ওলাই আহিল গোলাঘাটৰ নাগৰিক সমাজ। আজি গোলাঘাট নগৰৰ পৌৰসভা সভা কাৰ্যালয়ৰ সন্মুখত গোলাঘাটৰ নাগৰিক সমাজ  একাধিক দল-সংগঠন, ছাত্ৰ সংগঠনৰ বিষয়ববীয়া একত্ৰিত হৈ গোলাঘাট নগৰত উন্নয়নৰ নামত যধে-মধে গছ কাটি তহিলং কৰা কাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। গছ থাকিলেহে মানুহ থাকিব, আমাক উশাহ দিয়া গছ ৰক্ষা কৰক, চৰাই-চিৰিকটিৰ আশ্ৰয়স্থলী গছ-গছনি বচাওক শ্ল’গান সম্বলিত বেনাৰ প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। আজিৰ এই  প্ৰতিবাদী কাৰ্যসূচীত প্ৰবীণ সাংবাদিক, প্ৰাক্তন আছু কৰ্মী, জ্যেষ্ঠ নাগৰিক আৰু  কেইবাটাও ছাত্ৰ সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে

No comments