Breaking News

ধুবুৰীত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত মহন্ত

 


ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত মহন্ত ।  ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত উপস্থিত স্বাস্থ্য মন্ত্ৰী গৰাকী । চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম Governing Body সভাত অংশগ্ৰহন স্বাস্থ্য মন্ত্ৰী গৰাকীৰ ।সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে । অহা ১২ অক্টোবৰৰ দিনা ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিব । শুভ উদ্বোধন কৰিব ভাৰত বৰ্ষৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুয়ে । ৰাট্ৰপতিয়ে যিহেতু চিকিৎসা মহাবিদ্যালয় খন  উদ্বোধন কৰিব  সেয়া অতি গুৰুত্বপূৰ্ণ  বুলি বিবেচনা কৰা হৈছে । চিকিৎসা মহাবিদ্যালয় খনত অহা ১ নবেম্বৰৰ পৰা পাঠদান আৰম্ভ হ'ব । এই শিক্ষা বৰ্ষত চিকিৎসা মহাবিদ্যালয় খনত এশ গৰাকী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰা হ'ব । চিকিৎসা মহাবিদ্যালয় খনত পাঠ দান দিব পৰাকৈ সকলো প্ৰস্তুতি সম্পূৰ্ন কৰি তোলা হৈছে । আজি অনুষ্ঠিত সভা খনৰ জঢ়িয়তে ১২ তাৰিখৰ কাৰ্যসূচী ৰূপায়নৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰা হয় ।

No comments