Breaking News

গছ কাটি উদ্যান খোলা কাৰবাৰ গোলাঘাটত বন্ধ হ'ব লাগিবঃ বিধায়ক মৃণাল শইকীয়া

 

                           

ডিজিটেল সংবাদ, গোলাঘাটঃ ভয়ংকৰ জলবায়ু পৰিৱৰ্তন হোৱা ভাৰতৰ ৮ ৰাজ্যৰ ভিতৰত ১ খন হৈছে অসম।অসমৰ নগৰসমূহত এনেকৈ গছ কাটি থাকিলে পৰিস্থিতি আৰুহে ভয়াবহ হ'ব।গোলাঘাট নগৰত যেন গছ কটাৰ প্ৰতিযোগিতাহে হৈছে।প্ৰথমে পাৰ্ক সমূহৰ গছ কাটি তহিলং কৰিব,আৰু তাৰ পাছত ক'ব যে গছ থাকিলেহে মানুহ থাকিব।এনেকৈ কেনেকৈ হ'ব?গছ কাটি উদ্যান খোলা কাৰবাৰ গোলাঘাটত বন্ধ হ'ব লাগিব।উন্নয়নৰ নামত গোলাঘাটৰ জ্যোতিৰ্ময়ী শিশু উদ্যানত গছ-কাটি তহিলং কৰা কাৰ্য্যৰ বিৰোধিতা বিধায়ক মৃনাল শ‌ইকীয়াৰ।উদ্যানখনত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষৰ বিৰোধীতা বিধায়ক গৰাকীৰ।জানিব পৰা মতে গোলাঘাটত CIDF পুঁজিৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক কামৰ ভিতৰত অন্যতম আছিল জ্যোতিৰ্ময়ী শিশু উদ্যান।কিন্তু উদ্যান নিৰ্মাণৰ নামত এনে বন ধ্বংস যজ্ঞৰ বিৰোধিতা গোলাঘাটবাসী ৰাইজ তথা জনপ্ৰতিনিধিৰো।

No comments