Breaking News

টি-২০ বিশ্বকাপৰ বিজয়ী দলে পুৰস্কাৰ হিচাপে কিমান ধন লাভ কৰিব



আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে প্ৰতিযোগিতাখনৰ পূৰ্বে পুৰুষৰ টি-২০ বিশ্বকাপ ২০২২ৰ বাবে পুৰস্কাৰৰ ধন ঘোষণা কৰিছে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২২ৰ বাবে মুঠ ৫.৬ নিযুত ডলাৰ পুৰস্কাৰৰ ধন ঘোষণা কৰা হৈছে। ভাৰতীয় মুদ্ৰা অনুসৰি, এই পৰিমাণ হৈছে প্ৰায় ৪৫.৬৭ কোটি। বিজয়ীয়ে সৰ্বাধিক $১.৬ নিযুত অৰ্থাৎ প্ৰায় ১৩ কোটি লাভ কৰিব, আনহাতে ৰানাৰ-আপে আধা পৰিমাণ অৰ্থাৎ ৬.৫ কোটি লাভ কৰিব।

১৬ টা দলৰ মাজত এক মাহযোৰা প্ৰতিযোগিতাৰ শেষত, ছেমি ফাইনেলত পৰাজিত হোৱা দলটোৰ বাবে ৪০০,০০০ আমেৰিকান ডলাৰৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে। চুপাৰ ১২ৰ পৰা বাহিৰ হোৱা ৮ টা দলৰ প্ৰতিটো দলক ৭ হাজাৰ আমেৰিকান ডলাৰ প্ৰদান কৰা হ'ব।

উল্লেখ্য যে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২২ খিতাপ অষ্ট্ৰেলিয়াত ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে মেগা প্ৰতিযোগিতাখনৰ বাবে সাজু হৈ উঠিছে অষ্ট্ৰেলিয়া। মেগা টি-২০ প্ৰতিযোগিতাখনত ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকাকে ধৰি মুঠ আঠটা দলে প্ৰথম ৰাউণ্ডত যুঁজ দিব। প্ৰথম ৰাউণ্ডৰ পিছত, চাৰিটা দলে চুপাৰ ১২ৰ বাবে স্থান লাভ কৰিব। চুপাৰ ১২ পৰ্যায়টো ২২ অক্টোবৰত আৰম্ভ হ'ব। চুপাৰ ১২ পৰ্যায়ৰ প্ৰথমখন খেল ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। 

ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলে ২৩ অক্টোবৰত চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ ২০২২ অভিযান আৰম্ভ কৰিব।

No comments