Breaking News

ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা ৰাজহুৱা নামঘৰৰ উদ্যোগত আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মোৎসৱ

             

ডিজিটেল সংবাদ, গোলাঘাটঃৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা ৰাজহুৱা নামঘৰৰ উদ্যোগত আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪সংখ্যক জন্মোৎসৱ । গোলাঘাট নগৰৰ ষ্টেশন ৰ'ডস্থিত গোলাঘাট  ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা, ৰাজহুৱা নামঘৰত ৫ অক্টোবৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিব জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী। গুৰুজনাৰ জন্মোৎসৱৰ উপলক্ষ্যে সেইদিনা পুৱা  ৫-০০ বজাত মাইক যোগে ভক্তিমূলক গীত পৰিৱেশন, পূৱা ৮-৩০ বজাত ভাগৱতশোভাযাত্রা, দিনৰ ১০-০০ বজাৰ পৰা নামঘৰ প্ৰাঙ্গনত নাম প্ৰসংগ, দিনৰ ১১-০০ বজাত নামঘৰৰ চৌহদত গায়ন  বায়ন আৰু দিহানাম পৰিৱেশন, প্ৰসাদ বিতৰণ আৰু বিয়লি ৫-০০ বজাত নামঘৰৰ চৌহদত বন্তি প্ৰজ্বলনেৰে দিনযোৰা কাৰ্যসূচীৰ অন্ত পৰিব। উক্ত সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিত আন্তৰিকতাৰে  কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।

No comments