Breaking News

নলবাৰী জিলা অধিবিদ্যা পৰিষদ ,নলবাৰীৰ সৌজন্যত বিশিষ্ট শিক্ষাবিদ অপূৰ্ব কুমাৰ শৰ্মা ৰচিত এখন ব্যাতিক্ৰমধৰ্মী গ্ৰন্থ শিকন ঘাটি অবিহনে শিক্ষা শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰা হয়।

 


ডিজিটেল সংবাদ, নলবাৰীঃ. নলবাৰী জিলা অধিবিদ্যা পৰিষদ ,নলবাৰীৰ সৌজন্যত বিশিষ্ট শিক্ষাবিদ অপূৰ্ব কুমাৰ শৰ্মা ৰচিত এখন ব্যাতিক্ৰমধৰ্মী গ্ৰন্থ শিকন ঘাটি অবিহনে শিক্ষা শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰা হয়।কৃষ্ণ কান্ত মহন্তই আত ধৰা সভাখনত গ্ৰন্থ উন্মোচন কৰে জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াই। লগতে উপস্থিত থাকে শিক্ষাবিদ গীতিকা  দত্ত শৰ্মা,গুণজিৎ বৰুৱা,প্ৰাণেশ্বৰ গোস্বামী,ফনিন্দ্ৰ বুজৰ বৰুৱা,প্ৰদীপ ভট্টাচাৰ্যকে প্ৰমূখ্য কৰি বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি সহকাৰী শিক্ষকবৃন্দ।শিক্ষা ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ। কিন্তু শিকনত থকা কিছুমান ঘাটিৰ বাবেই একাংশ শিক্ষাৰ্থী য়ে শিক্ষা বৱস্থা সম্পূৰ্ণ নোহোৱাকৈয়ে এৰিবলৈ বাধ্য হয়। আজিৰ ছাত্ৰ কাইলৈৰ দেশৰ ভৱিষ্যৎ বুলি কোৱা হয় যদিও শিকন ব্যৱস্থাত থকা ঘাটিৰ বাবেই এইসকল দেশৰ ভৱিষ্যতৰ অধিকাংক্ষই আধাতে শিক্ষা সমান্ত কৰিব লগীয়াত পৰে।সেয়ে শিকনৰ এই কেৰুণ সমূহ কেনেদৰে দূৰীকৰণ কৰিব সেই সন্দৰ্ভত দীৰ্ঘদিনীয়া নিৰিক্ষন,অধ্যায়ণ অভিজ্ঞতাৰ অন্ততঃ শিক্ষাবিদ অপূৰ্ব কুমাৰ শৰ্মাই ৰচনা কৰে" শিকন ঘাটি অবিহনে শিক্ষা" শীষক গ্ৰন্থখন।উক্ত গ্ৰন্থখন শিক্ষা সমাজৰ বাবে এক আপূৰুগীয়া সমল বুলি অভিহত কৰে জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াই।

No comments