Breaking News

গুজৰাটত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত অসমৰ হৈ লন বল প্রতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ মেডেল লাভ কৰিবলৈ সক্ষম হোৱা সোণাৰিৰ অনন্যা শ‍ইকীয়া

 

ডিজিটেল সংবাদ, সোণাৰিঃ গুজৰাটত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত অসমৰ হৈ লন বল প্রতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ মেডেল লাভ কৰিবলৈ সক্ষম হোৱা সোণাৰিৰ অনন্যা শ‍ইকীয়াক আজি বিভিন্ন সংগঠনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আজি সোণাৰি পথিকৃৎ গোষ্ঠীৰ সভাপতি পুলক গগৈ, সম্পাদক মৃত্যুঞ্জয় দাস, বিষয়ববীয়া টুলুমণি ডেকা, বিজু প্রধান, দুর্গা কালিন্দীৰ লগতে চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক স্বপন  কৌৰে খেলুৱৈ গৰাকীৰ সোণাৰি শিঙৰীতলি স্থিত বাসভাৱনত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।

No comments