Breaking News

মহানগৰীত পুনৰ বৃদ্ধি চিটী বাছৰ ভাড়া।

  


মহানগৰীত পুনৰ বৃদ্ধি চিটী বাছৰ ভাড়া। এতিয়াৰে পৰা চিটী বাছত উঠিলে যাত্ৰীয়ে দিব লাগিব ন্যূনতম ১০ টকা। ৫-৯ কিঃমিঃ পৰ্যন্ত ১৫ টকা, ৯-১৩ কিঃমিঃ পৰ্যন্ত ১৮ টকা, ১৩-১৭ কিঃমি পৰ্যন্ত ২২ টকা, ১৭-২১ কিঃমিঃ পৰ্যন্ত ২৮ টকা, ২১-২৫ কিঃমিঃ পৰ্যন্ত ৩০ টকা, ২৫ কিঃমিঃৰ পৰা অধিক দূৰত্বত প্ৰতি কিঃমিঃত অতিৰিক্ত ১ টকাকৈ ভাড়া নিৰ্ধাৰণ। চিটী বাছ মালিক আৰু চালক সন্থাৰে হোৱা বৈঠকৰ অন্তত সিদ্ধান্ত পৰিবহণ বিভাগৰ। যোৱা ১৪ ছেপ্টেম্বৰতে প্ৰকাশ পাইছিল এই অধিসূচনা। তেলৰ দামবৃদ্ধিৰ বাবে এই সিদ্ধান্ত। ক'ভিডৰ সময়ত ব্যাপকৰূপে ক্ষতিগ্ৰস্ত হৈছিল চিটী বাছৰ ব্যৱসায়। চৰকাৰৰ আহ্বানমৰ্মে বৃদ্ধি কৰা নাছিল বাছ ভাড়া।

No comments