Breaking News

পুনৰ তুংগত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ! ইউক্ৰেইনলৈ ৰাছিয়াৰ এটাৰ পিছত আনটো মিছাইল আক্ৰমণ



পুনৰ আক্ৰমণ ৰাছিয়াৰ। ইউক্ৰেইনৰ জাপোৰিজ্জিয়া চহৰৰ এটা এপাৰ্টমেণ্টত ৰাছিয়াই চলাই পুনৰ আক্ৰমণ। দেওবাৰে মহানগৰীখনৰ এজন শীৰ্ষ বিষয়াই দাঙি ধৰা তথ্য অনুসৰি ৰাছিয়াৰ মিছাইল আক্ৰমণত কমেও ১৭ জন লোক নিহত হয়।  চিটি কাউন্সিলৰ সম্পাদক আনাটলি কুৰ্টায়েভে কয় যে শনিবাৰৰ নিশা ৰাছিয়াৰ সেনাই তীব্ৰ মিছাইল আক্ৰমণেৰে চহৰখনত বিভীষিকা চলায়। য’ত কমেও পাঁচটা ঘৰ ভাঙি যোৱাৰ লগতে প্ৰায় ৪০টা ঘৰৰ ক্ষতিসাধন হয়। ইফালে  ইউক্ৰেইনৰ সেনাইও এই আক্ৰমণ নিশ্চিত কৰি বহু লোক আহত হোৱা বুলি কয়।

উল্লেখ্য যে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰাছিয়াৰ দক্ষিণ-পূবৰ জাপোৰিজ্জিয়া চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ছবি পোষ্ট কৰিছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টুইট কৰি কয় যে যদি ইউক্ৰেইনৰ সেনাবাহিনীৰ হাতত আধুনিক এণ্টি-মিছাইল ব্যৱস্থা থাকিলহেঁতেন তেন্তে আমি এনে ট্ৰেজেডী ৰোধ কৰিব পাৰিলোঁহেঁতেন। কমেও ৭টা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ঔদ্যোগিক চহৰ জাপোৰিজ্জিয়াত আঘাত হনাৰ কথা উল্লেখ কৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে  ।

No comments