Breaking News

কাজিৰঙাত ট্ৰাকৰ খুন্দাত গঁড় আহত হোৱাক লৈ এই মন্তব্য বলিউদ অভিনেত্ৰী ৰবিনা টেণ্ডনৰ

 

ডি়জিটেল ডেস্কঃ বনাঞ্চল কাটি থকা ৰাস্তা-ঘাইপথবোৰত আমি কিয় বেৰ দিব নোৱাৰোঁ? আণ্ডাৰ/ অভাৰ পাছৰ অতি প্ৰয়োজন! আমি কেতিয়া শিকিম আৰু কাম কৰিম! অলপতে কাজিৰঙাত ট্ৰাকৰ খুন্দাত গঁড় আহত হোৱাক লৈ এই মন্তব্য বলিউদ অভিনেত্ৰী ৰবিনা টেণ্ডনৰ। টুইট কৰি এই মন্তব্য আগবঢ়াই অভিনেত্ৰীগৰাকীয়ে। যোৱা ৯ অক্টোবৰত কাজিৰঙাত এটা প্ৰাপ্তবয়স্ক গঁড়ক ট্ৰাকে খুন্দিওৱাৰ দৃশ্য ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। এখন ট্ৰাকৰ খুন্দাত আহত হৈছিল এটা গঁড়। যি ভিডিঅ’ই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। ছচিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিভিন্ন জনৰ লগতে  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউদৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনে।সোমবাৰে IFS বিষয়া পাৰবীন কাছৱানে টুইটাৰত উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিচতেই উক্ত পোষ্ট ৰিশ্বেয়াৰ কৰি ৰবিনাই লিখিছে, ‘‘বনাঞ্চল কাটি বনোৱা ৰাস্তা-ঘাই পথবোৰত আমি কিয় বেৰ দিব নোৱাৰো? আণ্ডাৰ/ অভাৰ পাছৰ অতি প্ৰয়োজন! আমি কেতিয়া শিকিম আৰু কৰিম!’’

No comments