Breaking News

আজি বছৰৰ শেষৰটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী

 


ডিজিটেল সংবাদ, আজি বছৰৰ শেষৰটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী। আজি হ’ব আংশিক সূৰ্যগ্ৰহণ। ৪ ঘণ্টা ৩ মিনিটজোৰা মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব জনসাধাৰণ। এই সমগ্ৰ পৰিঘটনাৰ সময় দুপৰীয়া ২.২৯ মিনিটৰ পৰা সন্ধিয়া ৬.৩২ মিনিটলৈ।সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ উত্তৰ–পূবৰ কিছু অঞ্চল বাদ দি সকলো ৰাজ্যতে দৃশ্যমান হ’ব আংশিক সূৰ্যগ্ৰহণ। বিশেষকৈ উজনি অসমত দৃশ্যমান নহ’ব এই আংশিক সূৰ্যগ্ৰহণ। পৰিৱৰ্তে নামনি অসমৰ বিভিন্ন জিলাত কিছু সময়ৰ বাবে দৃশ্যমান হ’ব আংশিক সূৰ্যগ্ৰহণ।

No comments