Breaking News

বিহাৰত অনুষ্ঠিত হোৱা কিক বক্সিং প্ৰতিযোগিতাত বিজয়ী হোৱা দেৰগাঁৱৰ প্ৰতিযোগীক উষ্ম আদৰনী ।

ডিজিটেল সংবাদ,দেৰগাঁওঃ বিহাৰত অনুষ্ঠিত হোৱা কিক বক্সিং প্ৰতিযোগিতাত বিজয়ী হোৱা দেৰগাঁৱৰ প্ৰতিযোগীক উষ্ম আদৰনী । মঙ্গলবাৰে দেৰগাঁৱত সৃষ্টি হয় এক উছৱমুখৰ পৰিৱেশৰ।১৪ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈকে বিহাৰত অনুষ্ঠিত হৈছিল প্ৰথম বাৰ্ষিক ইষ্ট জ'ন নেচনেল কিক বক্সিং চেম্পিয়নশ্বিপ ২০২২ । এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল বিহাৰ কিক বক্সিং স্প'ৰ্টছ এচ'চিয়েচনে ।এই প্ৰতিযোগিতাত দেৰগাঁৱৰ ভিতৰুৱা বাঁহগুৰিৰ সাতগৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰি ছটাকৈ সোনৰ আৰু এটা চিলভাৰ মেডেল লাভ কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।প্ৰশিক্ষক সৌৰভ পাচুংৰ নেতৃত্বত যোৱা দলটো মঙ্গলবাৰে দেৰগাঁৱত উপস্থিত হোৱাৰ পাছত স্থানীয় ৰাইজে ঢোলে ডগৰে উষ্ম আদৰনী জনায় ।

No comments