Breaking News

ধুবুৰীত ড্ৰাগছ বিৰোধী অভিযান চলায় আটক কৰে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৷

 

ডিজিটেল সংবাদ  ধুবুৰী... ধুবুৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান , ধুবুৰীৰ এ এম কো ৰোড বজাৰ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে এটি দল  এক গোপন তথ্যৰ ভিত্তিত নিউঘাট বাহাদুৰ টাৰিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়  আটক কৰে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক  ৷

উল্লেখ যোগ্য যে, বিগত কেবাদিন ধৰি ধুবুৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে  ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ,আজি পুনৰ ড্ৰাগছ সহ আটক হ’ল বাহাদুৰ টাৰিৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী । বৰ্তমান  ধুবুৰী সদৰ থানালৈ লৈ যায় আৰক্ষীয়ে। এই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।


No comments