Breaking News

বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত যোৱা ৯ অক্টোবৰৰে পৰা বিটিআৰত "ইণ্টাৰ চিক্স চিদিউল কাউন্সিল'চ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২" চিজন -ৱান।

 

ডিজিটেল সংবাদ,চিৰাংঃ বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত যোৱা ৯ অক্টোবৰৰে পৰা বিটিআৰত চলি আছে "ইণ্টাৰ চিক্স চিদিউল কাউন্সিল'চ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২"  চিজন -ৱান। বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি অনুষ্ঠিত  উক্ত প্ৰতিযোগিতাৰ গ্ৰুপ "বি"ৰ পঞ্চমখন খেলত মিজোৰামৰ লাই অটোনমাচ ডিস্ট্ৰিক কাউন্সিল বনাম মেঘালয়ৰ গাৰো হিলচ  অটোনমাচ ডিস্ট্ৰিক কাউন্সিল অৱতীৰ্ণ হয় । বিটিচি প্ৰধান প্ৰমোদ উদ্বোধন কৰে খেলখন। লাই অটোনমাচ ডিস্ট্ৰিক কাউন্সিলে গাৰো হিলচ  অটোনমাচ ডিস্ট্ৰিক কাউন্সিলক ৫-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে ।আজিৰ খেলত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী, বিটিচিৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাসহ  অতিথি বৃন্দ উপস্থিত থাকে। আজিৰ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত  লাই অটোনমাচ ডিস্ট্ৰিক কাউন্সিলৰ খেলুৱৈ গ্ৰেটাছ লালনেহৱানালৈ দহ হেজাৰ টকাৰ চেক আৰু উভয় দলৰে প্ৰতিজন খেলুৱৈ লৈ একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ।

No comments