Breaking News

গোলাঘাট কেন্দ্ৰীয় শিক্ষাখণ্ডত অনুষ্ঠিত হ'ব যোগ্যতা নিৰূপক অভীক্ষা ২০২২*

 

ডিজিটেল সংবাদ, .... কেন্দ্ৰীয় শিক্ষাখণ্ডত অনুষ্ঠিত হ'ব যোগ্যতা নিৰূপক অভীক্ষা ২০২২।  স্থান প্ৰাপ্ত সকলক প্ৰদান কৰা হ'ব নামাচাৰ্য প্ৰফুল্ল কলিতা স্মৃতি বঁটা।গোলাঘাট কেন্দ্ৰীয় শিক্ষা খণ্ডৰ উদ্যোগত শিক্ষাখণ্ডটোৰ অন্তৰ্গত প্ৰাথমিক পৰ্যায়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতা মূলক মনোভাৱ বিকাশৰ লক্ষ্যৰে অহা ২২ অক্টোবৰ শণি বাৰে এক অভীক্ষাৰ আয়োজন কৰা হৈছে। নবোদয় প্ৰবেশ পৰীক্ষা, ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা মূলক পৰীক্ষা সমূহলৈ চৰকাৰী অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰস্তুত কৰাই হৈছে এই অভীক্ষাৰ মূল উদ্দেশ্য । কেন্দ্ৰীয় শিক্ষাখণ্ডৰ  খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰমোদ বৰুৱাক সভাপতি, প্ৰাথমিক শিক্ষক সন্মিলনীৰ ব্লক সমিতিৰ সভাপতি প্ৰশান্ত কলিতাক উপসভাপতি,বিজ্ঞান শিক্ষক দেবজিত দত্তক মুখ্য পৰীক্ষা নিয়ন্ত্ৰক,বিজ্ঞান শিক্ষক প্ৰদুম্ন বৰগোহাঁইক উপদেষ্টা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত CRCC সকলক লৈ গঠিত অভীক্ষা সমিতিখনৰ আন্তৰিক প্ৰচেষ্টাত এই অভীক্ষাৰ সকলো ধৰণৰ কাম কাজ শৃংখলাবদ্ধ ভাৱে আগবঢ়াই লৈ যোবা হৈছে।প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব লগা এই অভীক্ষাত ভাষা-১ (অসমীয়া) ,ভাষা-২ (ইংৰাজী),গণিত ,পৰিবেশ,সধাৰণ জ্ঞান আৰু মানসিক দক্ষতাৰ মুঠ ৫০টা প্ৰশ্ন সম্বলিত প্ৰশ্নৰ  উত্তৰ সমূহ  ছাত্ৰ ছাত্ৰীয়ে OMR ত কৰিব।  ইতিমধ্যে আবেদন কৰা ছাত্ৰ ছাত্ৰী সকললৈ ADMIT সমূহ প্ৰেৰণ কৰা হৈছে বুলি অভীক্ষা সমিতিৰ সম্পাদক চন্দন কলিতাই জানিবলৈ দিয়ে। উল্লেখ্য যে  অভীক্ষাৰ প্ৰয়োজনীয় খা-খৰচৰ বাবে আগবাঢ়ি আহিছে "নামাচাৰ্য প্ৰফুল্ল কলিতা স্মৃতি ৰক্ষা সমিতি" আৰু এই অভীক্ষাত শীৰ্ষ স্থান প্ৰাপ্ত সকলক "নামাচাৰ্য প্ৰফুল্ল কলিতা স্মৃতি" বঁটা প্ৰদান কৰা হ'ব। তাৰোপৰি  40%তকৈ অধিক  নম্বৰ প্ৰাপ্ত সকললৈ মান পত্ৰ  প্ৰদান আৰু  শীৰ্ষ স্থান প্ৰাপ্ত প্ৰথম ১০ জনক বিভাগীয় ভাৱে শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰা হ'ব।

No comments