Breaking News

চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত চাফ্ৰাই মোহন গাঁৱৰ সাৰ্বজনীন নাম ঘৰ চৌহদত অসমীয়া বাপতি সাহোন কাতি বিহু পালন

 


ডিজিটেল সংবাদ, সোণাৰিঃচৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত চাফ্ৰাই মোহন গাঁৱৰ সাৰ্বজনীন নাম ঘৰ চৌহদত অসমীয়া বাপতি সাহোন কাতি বিহু পালন কৰা উপৰিও কৃষি সজাগতা সভা অনুষ্ঠিত হয়। সম্পূৰ্ণ পৰম্পৰাগত ভাৱে কাতি বিহু পালন কৰি জিলা খনৰ বহু কেইজন প্ৰতিষ্ঠিত খেতিয়কক মান পত্ৰ প্ৰদান কৰা উপৰিও বাৰ জনৰো অধিক হিতাধিকাৰিক কৃষি সজুলি প্ৰদান কৰে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন ডাঙৰীয়া আৰু সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই। চৰাইদেউ জিলা উপায়ুক্ত প'ল বৰুৱা ডাঙৰীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সজাগতা সভাখনত জিলা কৃষি বিষয়া ৰবীন ইয়েন ডাঙৰীয়াই আলোচনা আগবঢ়াই।


তাৰপাছত যথা ক্ৰমে উপায়ুক্ত প'ল বৰুৱা ডাঙৰীয়া, সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আৰু কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়া ই সকলোকে উদ্দেশ্যি কাতি বিহুৰ ওলগ জনোৱাৰ লগতে চৰাকাৰী ভাৱে কাতি বিহু পালন কৰা বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰে। তাৰপাছত উপস্থিত মন্ত্ৰী যোগেন মহন ডাঙৰীয়া, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, উপায়ুক্ত প'ল বৰুৱা ডাঙৰীয়া, অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ ডাঙৰীয়া আৰু জিলা কৃষি বিষয়া ৰবীন ইয়েন ডাঙৰীয়াই পথাৰত সাতামপুৰুষীয়া পৰম্পৰা অনুসৰি বন্তি প্ৰজ্বলন কৰে।

No comments