Breaking News

.গোলাঘাট আইন মহাবিদ্যালয়ৰ নৱাগতা আদৰণি সভা আৰু বিদায় সভা অনুষ্ঠান

ডিজিটেল সংবাদ, গোলাঘাট .....গোলাঘাট আইন মহাবিদ্যালয়ৰ নৱাগতা আদৰণি সভা আৰু বিদায় সভা অনুষ্ঠান। আজি গোলাঘাট আইন মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ নৱাগতা আদৰণি সভা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গোলাঘাট আইন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য তথা গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ পুতুল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ নাছিম আখতাৰ। সভাত ইয়াৰোপৰি উপস্থিত থাকে গোলাঘাট উকীল সংস্থাৰ সভাপতি দীপন ৰঞ্জন সন্দিকৈ, শেৱালী খাউণ্ড, ভাস্কৰ দুৱৰা, মৃদুল শৰ্মাৰ লগতে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধক ড০ কাজল  শইকীয়া। অনুষ্ঠানত শিক্ষক-কৰ্মচাৰীসকলৰ লগতে বিদায়ী বৰ্ষৰ ছাত্ৰ-ছাত্ৰী আৰু নৱাগত শিক্ষাৰ্থীসকল উপস্থিত থাকে। গীতে-মাতে, বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰা আটাইলৈ ধন্যবাদ জ্ঞাপন কৰে গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূমিকা গোস্বামীয়ে।

No comments