Breaking News

নুমলীগড়ত এইবাৰ পথত বন্যহস্তী ।৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ বন্যহস্তীৰ

 


ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ত এইবাৰ পথত বন্যহস্তী ।৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ বন্যহস্তীৰ । এই বৃহৎ জাকক লৈ আতংকিত ৰাইজ । নুমলীগড়ৰ মৰঙি চাহ বাগিচাৰ দৃশ্য এয়া । বন্যহস্তীৰ বৃহৎ জাক কেইবাটাও ভাগত বিভক্ত হৈ বৃহৎ অঞ্চলত প্ৰৱেশ কৰে । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মূল পথেৰে এনেদৰে সমদল কৰি পাৰ হোৱা দেখা যায় । হাতীৰ জাকটোত বহুকেইটা পোৱালিও আছে । উল্লেখ্য যে নিশা এই হাতীৰ জাকক লৈ সমগ্ৰ অঞ্চলৰ লোক আতংকিত হৈ পৰে। ওজাগৰে পাৰ কৰিব লগা হয় হাতীৰ জাকক লৈ । খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত এতিয়া এনেদৰেই বিচৰণ কৰিছে হাতীৰ জাকে । হাতীৰ জাকৰ বিচৰনৰ বাবে এতিয়া সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হোৱাত পথচাৰী অসুবিধাৰ সন্মুখীন হৈছে । সমীপতে থকা এন আৰ এল লৈ অহা যোৱা কৰাতো অসুবিধাৰ সন্মুখীন হৈছে ।

No comments