Breaking News

বিশিষ্ট সৰবৰাহী ব্যক্তি তথা অসম চৰকাৰৰ বিষয়া নয়ন আনন্দ শৰ্মাৰ কালি নিশা ১০ বাজি ১০ মিনিটত ডিব্ৰুগঁড় মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়

  

ডিজিটেল সংবাদ, দেৰগাঁও ৰ ৯ নং নিৱাসী বিশিষ্ট সৰবৰাহী ব্যক্তি তথা অসম চৰকাৰৰ বিষয়া নয়ন আনন্দ শৰ্মাৰ কালি নিশা ১০ বাজি ১০ মিনিটত ডিব্ৰুগঁড় মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫২ বছৰ ৷ পিতৃ প্ৰয়াত শিক্ষাবিদ স্বৰ্গীয় প্ৰফুল্ল চন্দ্ৰ শৰ্মা আৰু মাতৃ প্ৰয়াত ভানু শৰ্মাৰ একমাত্ৰ পুত্ৰ নয়ন আনন্দ শৰ্মাই  যোৱা জুন মাহৰ পৰা যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷  তেখেতৰ ককাদেউতাক স্বৰ্গীয় তোষেশ্বৰ ঠাকুৰে এসময়ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত শাস্ত্ৰত সোণৰ পদক লাভ কৰিছিল ৷ ১৯৯৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত সুখ্যাতিৰে স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈ পিতৃ ৰ কৰ্মস্থলীতে শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল যদিও পাছলৈ যোৰহাট জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মাৰ্কেটিং চুপাৰিণ্টেণ্ডেন্ট হিচাপে মৃত্যুৰ আগ মুহূৰ্ত্তলৈকে কাৰ্যনিৰ্বাহ কৰে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰা খেলা-ধূলা,সাহিত্য চৰ্চা আদি কামত আত্মনিয়োগ কৰা শৰ্মাই মৃত্যুৰ সময়ত পত্নী শ্ৰীমমতা শৰ্মা,একমাত্ৰ জীয়ৰী আস্থা আৰু পুত্ৰ জ্যোতিৰাদিত্যৰ লগতে ভগ্নী ইন্দু চক্ৰবৰ্ত্তী ৰ লগতে বহু আত্মীয় স্বজন,গুণমুগ্ধ ব্যক্তিৰ লগতে সহপাঠী আৰু একালৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰি থকা সময়ত তাত থকা আৱাস এটি-ফ'ৰ ৰ গুণমুদ্ধ বন্ধু সকলকো এৰি যায় ৷  তেখেতৰ মৃত্যুৰ লগে লগে দেৰগাঁওৰ লগতে গুণমুদ্ধ সহিত বন্ধু-বান্ধৱৰ মাজত শোকৰ ছাঁ বিয়পি পৰে ৷ দেৰগাঁওৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে নয়ন আনন্দ শৰ্মাই এক সু-সম্পৰ্ক বজাই ৰাখি সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰিছিল ৷ আজি পুৱা শ্ৰীশৰ্মাৰ নশ্বৰ দেহ ডিব্ৰুগঁড়ৰ পৰা দেৰগাঁওৰ ঘৰলৈ লৈ অহা হয় ৷ আত্মীয়-স্বজনৰ উপৰিও বহু গুণমুদ্ধ লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ পাছত যোৰহাটৰ তৰাজান স্থিত ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

No comments