Breaking News

এঘৰৰ চৌহদত বিদ‍্যুৎ সংযোগ কৰি ৰখাৰ ফলত এজন দশম মান শ্ৰেণীৰ ছাত্ৰৰ বিদ‍্যুৎ স্পিষ্ট হৈ কৰুণ মৃত্যু

 




ডিজিটেল সংবাদ, কলিয়াবৰঃকলিয়াবৰত পুৱাই অঘটন । এঘৰৰ চৌহদত বিদ‍্যুৎ সংযোগ কৰি ৰখাৰ ফলত এজন দশম মান শ্ৰেণীৰ ছাত্ৰৰ বিদ‍্যুৎ স্পিষ্ট হৈ কৰুণ মৃত্যু । মৃত ছাত্ৰজনৰ নাম মনজুৰ হাছান(১৫) ।  ঘটনাটো কলিয়াবৰৰ দুইনং ভুৰবন্ধাত । মদন সিং চৌহান নামৰ ব‍্যক্তি গৰাকীয়ে নিশা কোনো দুষ্ট লোক বা আন কোনো জীৱ-জন্ত যাতে তেওঁৰ ঘৰলৈ আহিব নোৱাৰে তাৰ বাবে ঘৰৰ ভিতৰৰ পৰা বিদ‍্যুৎ সংযোগ কৰি চৌহদত বিদ‍্যুৎ প্ৰবাহিত কৰি থৈছিল । পুৱা মদন সিং চৌহানৰ মাটিত চুক্তিত  খেতিকৰা ওমৰ ফাৰুকৰ পুত্ৰ তথা দশম মান শ্ৰেণীৰ ছাত্ৰ মনজুৰ হাচানে পুৱা প্ৰায় ৬ বজাত খেতিলৈ মদন সিং চৌহানৰ চৌহদৰ বাটেৰে আহোতেই বিদ‍্যুৎ সংযোগ কৰি থোৱা তাঁৰত লাগি থিতাতে কৰুণ মৃত্যু ক সাৱটিলে । ঘটনাস্থলীত চুলুং আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ বিদ‍্যুৎ সংযোগকাৰী মদন সিং চৌহানক আটক কৰি তদন্ত আৰম্ভ কৰিছে । ঘটনাটোৱে অঞ্চলটোত চাঞ্চল‍্যৰ সৃষ্টি কৰিছে ।

No comments