Breaking News

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে সাক্ষাৎ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰতিনিধিবৰ্গৰ


 
ডিজিটেল সংবাদ, ডিব্ৰুগড়: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি সম্প্ৰচাৰ বন্ধ কৰা পাছতে বুধবাৰে ডিব্ৰুগড়ত  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰতিনিধিবৰ্গই । এই সাক্ষাৎকালত প্ৰতিনিধিবৰ্গৰ সৈতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বিশদ ভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাকালত তেওঁলোকে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক অসমীয়া বাতৰি উঠাই দিয়াৰ বিষয়টোৰ লগতে অন্যান্য সমস্যাসমূহৰ বিষয়ে সৰ্বানন্দ সোনোৱালক অৱগত কৰে।উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে এই সন্দৰ্ভত ডিব্ৰুগড়ৰ পৰাই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে আৰু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি সম্প্ৰচাৰকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তাৎক্ষণিকভাৱে ইতিবাচক ব্যৱস্থা ল'বলৈ আহ্বান জনায়। লগতে অতি শীঘ্ৰেই নতুন দিল্লীলৈ গৈ উক্ত বিষয়ত মন্ত্ৰালয়টোৰ সচিবৰ সৈতে খৰচি মাৰি আলোচনা কৰিব বুলি প্ৰতিনিধিবৰ্গক আশ্বাস প্ৰদান কৰে।


No comments