Breaking News

চলাপথাৰ বৌদ্ধ বিহাৰত ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভন্টেৰ ৯৭ সংখ্যক জন্মদিন পালন


ডিজিটেল সংবাদ, সোণাৰিঃ
 সদৌ অসম বৌদ্ধ মহাসভাৰ ৭৭ সংখ্যক ত্রি- বাৰ্ষিক অধিৱেশন আৰু ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভন্তেৰ ৯৭ সংখ্যক জন্ম দিৱস উদযাপন সদৌ অসম বৌদ্ধ মহাসভাৰ ৭৭ সংখ্যক ত্রি- বাৰ্ষিক অধিৱেশন আৰু ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভন্তেৰ ৯৭ সংখ্যক জন্ম দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ চলাপথাৰ বৌদ্ধ বিহাৰত উদযাপন কৰা হয়। এই উপলক্ষে আজি পুৱা সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি ভদন্ত জ্ঞানপাল মহাথেৰয়ে বিশ্ব বৌদ্ধ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে ধৰ্মৰত্ন, অসম চৰকাৰৰ আনন্দৰাম বৰুৱা বঁটা প্ৰাপক, সাহিত্য পেঞ্চনাৰ, চলাপথাৰ বৌদ্ধ বিহাৰৰ অধক্ষ্য ডঃ শাসনবংশ মহাথেৰ ভন্তেৰ ৯৭ সংখ্যক জন্মদিন উপলক্ষে এক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বৌদ্ধ ভিক্ষু সকলৰ লগতে সদৌ অসম বৌদ্ধ মহাসভাৰ সদস্য সকলে শাসনবংশ মহাথেৰ ভন্তেৰ জন্মদিন উপলক্ষে বিভিন্ন মন্ত্ৰ উচ্চাৰণৰ যোগেদি তেওঁৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তথাগত বুদ্ধক প্ৰাৰ্থনা কৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তি আৰু বৌদ্ধ ভিক্ষু সকলে ব্যক্তিগত ভাৱে ভন্তেক শুভেচ্ছা জ্ঞাপন কৰি উপহাৰ আগবঢ়ায়। ইয়াৰ পিছত ডঃ শাসনবংশ মহাথেৰয়ে নিজস্ব পুঁজিৰে চলাপথাৰ বৌদ্ধ বিহাৰ প্ৰাংগণত নিৰ্মাণ কৰা এটা অতিথিশালা উদ্বোধন কৰে শাসনবংশ মহাথেৰয়ে।ইয়াৰ পিছত সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি ভদন্ত জ্ঞানপাল  মহাথেৰৰ পৌৰহিত্যত এখনি মুকলি হোৱা অনুষ্ঠিত হয়। সভাত মুঠ চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰ উপৰিও সভাত মুঠ তিনিজন ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।


No comments