Breaking News

চৰাইদেউৰ চৰাইপুং ডাবলুহাবি গাঁ‌ৱৰ নন্দ গোঁহাইৰ বাসগৃহত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা

 

ডিজিটেল সংবাদ, শিৱসাগৰ.....চৰাইদেউৰ চৰাইপুং ডাবলুহাবি গাঁ‌ৱৰ নন্দ গোঁহাইৰ বাসগৃহত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ দীপান্বিতাৰ আনন্দ উল্লাসৰ মাজতে জ্বলি ভস্মীভূত হ'ল গোহালীৰ গৰু, গড়ালৰ গাহৰি আৰু হাঁ‌হ কুকুৰাপোহৰৰ উৎসৱ দিপাৱলীৰ আনন্দ উল্লাসৰ মাজতে হঠাতে কাল ধুমুহা নামি আহে এটি চহা গাঁৱলীয়া পৰিয়াললৈ । চৰাইদেউ জিলা অসম-অৰুণাচল সীমান্তৰ  স্পৰ্ষকাতৰ অঞ্চল চৰাইপুং ডাবলুহাবি গাঁ‌ৱৰ নন্দ গোঁহাইৰ বাসগৃহত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ দিপাৱলীৰ অমানিশা সন্ধিয়াটোত দিনৰেপৰা দি থকা নেৰানেপেৰা কিন-কিনিয়া বৰষুণ আৰু পাতলীয়া বৰষুণজাকৰ মাজতে গোহালীত মহ-দাঁ‌হ খেদিবলৈ দিয়া ধোঁ‌ৱাৰ জুইয়ে ললে কালৰূপ । বিধ্বংসী জুইকুৰাৰ সৰ্বনাশী কালৰূপে নিমিষতে ভস্মীভূত কৰিলে গৰু, গড়ালৰ গাহৰি আৰু হাঁ‌হ-কুকুৰাকে আদি কৰি লক্ষাধিক টকাৰ সা-সম্পত্তি । প্ৰাপ্ত তথ্য অনুসৰি জটিল ৰোগত আক্ৰান্ত নন্দ গোঁহাইৰ পত্নী বহুদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । তেওঁলোকৰ একমাত্ৰ পুত্ৰ ভীম গোঁ‌হাইয়ো মাকৰ আল পৈচান ধৰি চিকিৎসালয়তে আছিল । ঘৰখনৰ একমাত্ৰ মুৰব্বী নন্দ গোঁ‌হাইয়ে গোহালীৰ গৰুকেইটাৰ মহ মাখি খেদোৱা জুইকুৰাই যে অঘটন ঘটালে সেই কথা ধাৰাষাৰ বৰষুণজাকৰ বাবে ঘৰৰ মুৰব্বী নন্দ গোঁ‌হাই তথা প্ৰতিবেশী কোনো এঘৰ মানুহেই গম নাপালে ৷ যেতিয়া গম পাইছে তেতিয়া বহু পলম হৈ গ'ল ৷


No comments