Breaking News

সোণাৰিত অব্যাহত আছে হাতী মানুহৰ সংঘাত।


ডিজিটেল সংবাদ, সোণাৰিঃ
  সোণাৰিত অব্যাহত আছে হাতী মানুহৰ সংঘাত।বন্য হস্তীয়ে ভাঙিলে দুটাকৈ শ্ৰমিকৰ ঘৰ।চৰাইদেউ জিলাৰ অসম নাগালেণ্ডৰ সীমান্তত অৱস্থিত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ পাল এটাই যোৱা নিশা সোণাৰিৰ সমীপৰ আইদেউবাৰী চাহ বাগিচাত দুটাকৈ শ্ৰমিকৰ ঘৰ ভাঙি ধংশ কৰে। নিশা প্ৰায় ১২ বজাত বাগিছাখনত প্ৰৱেশ কৰা হাতীৰ পালটোৱে ভাৰতী তাঁতী আৰু হীৰণ গোৱালা নামৰ শ্ৰমিক দুজনৰ বাসগৃহ দুটা ভাঙি বিস্তাৰ ক্ষতি সাধন কৰে। পৰৱৰ্তী সময়ত হাতীৰ পালটোক পৰৱৰ্তী সময়ত শ্ৰমিক সকলে ফটকা আদি ফুটাই খেদি পঠিয়াবলৈ সক্ষম হয়। 

No comments