Breaking News

অৱশেষত সোণাৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে সোণাৰিৰ দুই ঘাটমাউৰা শিশুক

 

ডিজিটেল সংবাদ, সোণাৰিঃ অৱশেষত সোণাৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে সোণাৰিৰ দুই ঘাটমাউৰা শিশুক।সোণাৰিৰ সমীপৰ শিঙৰিতলী গাঁওৰ তিনিটা ঘাটমাউৰা শিশুৰ দুৰ্বিহ জীৱন কাহিনী জননী লাইভত প্ৰচাৰিত হোৱাৰ পিছত হঠাৎ তৎপৰ হৈ পৰে সোণাৰি আৰক্ষী। সোণাৰি আৰক্ষীৰ এটা দলে স্থানীয় ৰাইজৰ সহযোগত তিনিটা শিশুক উদ্ধাৰ কৰি পুনৰ সংস্থাপণৰ ব্যৱস্থা কৰিছে। বাতিৰিটো প্ৰচাৰিত হোৱাৰ পিছত সোণাৰি আৰক্ষীৰ দল এটা শিংৰিতলী গাওঁত উপস্থিত হৈ তিনিটা শিশুৰ মাজৰে দুই ভাতৃক উদ্ধাৰ কৰি আনে আৰু তেওঁলোকৰ চাৰি বছৰীয়া ভনীয়েকক গাঁওৰ এঘৰ মানুহক গতাই থৈ আহে। আনহাতে সোণাৰি আৰক্ষীয়ে উদ্ধাৰ কৰা শিশু দুটিক চৰাইদেউ জিলা শিশু কল্যান সমিতিৰ কাৰ্যালয়ত হাজিৰ কৰোৱাই চৰকাৰী নিয়ম অনুসৰি শিৱসাগৰত থকা প্ৰজ্ঞালয় নামৰ শিশু গৃহত গতাই থৈ আহে। 

No comments