Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~চতুৰ্থ খণ্ড

কি কৰিব পাৰো, উপায় নাই। মনে বিচৰাৰ দৰে কামবোৰ সকলো সময়ত নহয়। মানুহ পৰিস্থিতিৰ দাস। সময় পৰিবৰ্তনশীল। সময়ৰ চকৰিত ঘূৰি ঘূৰি সম্পৰ্কবোৰে একোটা নতুন ৰূপত প্ৰকাশ পাবলৈ আৰম্ভ কৰে।

                     



মালবিকা শৰ্মা, ভুবনেশ্বৰ



     ইয়াৰে স্থানীয় মানুহবোৰে হিন্দি আৰু ইংৰাজী দুয়োটাই ক’ব পাৰে যিহেতু যোগাযোগ কৰিবলৈ সহজ হয়। অৱশ্যে এই ঠাইৰ মানুহখিনিয়ে হিন্দি বা ইংৰাজী ক’লে শব্দবোৰ অলপ টানি টানি কয়। বাক্যটো সহজভাৱে চিধাকৈ ক’লে বুজিবলৈ কিছু সময় লয়। সেয়ে ময়ো আজিকালি তেওঁলোকৰ সুৰতে কথা ক’বলৈ আৰম্ভ কৰিছো। কৰবালৈ ওলাই যোৱাৰ সময়ত অটোৰিক্সা চালকৰ সৈতে কথা পাতি ভাল লাগে। বেছি ভাগ চালকৰে সাধাৰন জ্ঞানখিনি আছে। কেতিয়াবা দৰকাৰী তথ্যখিনি তেওঁলোকেই দিয়ে। আমি ইয়ালৈ অহাৰ দিনা মাংগালোৰৰপৰা যিখন টেক্সিত আহিছিলো তাৰে চালকজন এজন শিক্ষিত জনা বুজা ব্যক্তিয়ে আছিল। আমি মণিপাললৈ কিয় আহিছো বুজ লোৱাৰ পাছত তেওঁ নিজৰ কাৰ্ডখন আমাক দি কৈছিল কেতিয়াবা দৰকাৰ হ’লে যোগাযোগ কৰিবলৈ। এম বি এ পাছ, ৰিয়েল এষ্টেটত কাম কৰে, গাড়ী চলোৱাটো তেওঁৰ পাৰ্ট টাইম চখহে। মাংগালোৰৰপৰা মণিপাললৈ দেৰ ঘন্টাৰ বাট তেওঁ নিজৰ পৰাই সুন্দৰকৈ কি ক’ত আছে, কিয় বিখ্যাত সকলো দেখাই আনোতে কেতিয়া যাত্ৰা শেষ হৈছিল জনাই নাছিলোঁ।

      মণিপাল বিশ্ববিদ্যালয়ত পঢ়িবলৈ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰপৰা বিদ্যাৰ্থী সকল আহে। বাহিৰত ওলাই গ’লে বিশেষকৈ ৰবিবাৰে বজাৰত হৰেক ৰকমৰ মানুহ দেখা পোৱা যায়। এদিন ল’ৰা আৰু মই ওলাই গৈছিলো প্ৰেচাৰ কুকাৰ এটা কিনিবলৈ। দুপৰীয়া জেনেৰেল স্টোৰ এখনত সোমালো, বেছ ভিৰ হৈ আছে। তাত চাৰিজন ল’ৰাই ইংৰাজীতে কথা পাতি আছে যদিও চেহেৰা দেখিয়েই বুজিলো অসমীয়া বুলি। প্ৰথমতে মই একো মতা নাছিলো যদিও এবাৰ কিবা এটা প্ৰসংগত এজনে অসমীয়া শব্দ এটা কোৱাত মই লাহেকৈ মাত দিলো- অসমৰ ক’ৰপৰা আহিছা? চাৰিওজনে মুখ মেলি মোলৈ চালে। মই  মোৰ ল’ৰাৰ লগত ইমান পৰে অনা অসমীয়াত কথা পাতি থকাৰ বাবেই হয়তো ল’ৰা কেইজনে ইমান বেছি আছৰিত হৈছিল। ইতিমধ্যে মোৰ ল’ৰায়ো আহি সিহতৰ লগত অসমীয়া ক’বলৈ আৰম্ভ কৰিলে। আৰু কোনে পায়, কথা পাতি শেষেই নহয়। মোৰ কিনা-কটা শেষ হোৱাত ল’ৰা কেইজনক মাত লগাই আহিলো। আহোতে আমাৰ ঘৰত মাতিও আহিলো। কম বয়সীয়া ল’ৰা-ছোৱালীৰ মনবোৰ সজীৱ হৈ থাকে বাবেই কিজানি কথা পাতিবলৈ বৰ ভাল পাও। এনেও পিছে ঘৰুৱা অনুষ্ঠানবোৰতো মিলিত হ’লে মই মোৰ সমান বয়সীয়া বোৰতকৈ সৰু বোৰৰ লগ হ’বহে পচন্দ কৰোঁ।

    দিনটোত শ্ৰীমানে দুবাৰকৈ আৰু ছোৱালীয়েও দুবাৰকৈ ফোন কৰে। চাকৰি আৰু পঢ়াৰ খাতিৰত আমাৰ পৰিয়ালটো ভাগ ভাগ কৈ থাকিবলৈ লোৱাৰ পিছত এইয়া এক ৰুটিন হৈ গৈছে। মায়েও গোটেই দিনটোত এবাৰ হ’লেও ফোন কৰি ভাল বেয়াৰ বুজ লয়। আমি বেলেগকৈ থাকিবলগীয়া হোৱাত আটাইতকৈ বেছি কিজানি মোৰ মাৰেই অশান্তি হৈ আছে। কি কৰিব পাৰো, উপায় নাই। মনে বিচৰাৰ দৰে কামবোৰ সকলো সময়ত নহয়। মানুহ পৰিস্থিতিৰ দাস। সময় পৰিবৰ্তনশীল। সময়ৰ চকৰিত ঘূৰি ঘূৰি সম্পৰ্কবোৰে একোটা নতুন ৰূপত প্ৰকাশ পাবলৈ আৰম্ভ কৰে। চাওতে চাওতে প্ৰেমৰ সম্পৰ্কৰ আসনখন  দায়িত্ববোধে অধিকাৰ কৰে। ইচ্ছা আৰু আৱেগক পিছ পেলাই কৰ্তব্য আৰু সংযম আগবাঢ়ি আহে। আশা আৰু কল্পনাৰ আসনখন গ্ৰহণ কৰে যুক্তিপূৰ্ণ আৰু বাস্তৱবাদী চিন্তাধাৰাই। আবেগ অনুভূতিবোৰ একেই থাকে যদিও তাক অনুভৱ আৰু প্ৰকাশ কৰাৰ ক্ষেত্ৰত জ্ঞান আৰু অভিজ্ঞতাই পৰিচালিত কৰিবলৈ আগবাঢ়ি আহে।

  মাজে মাজে দাৰ্শনিকৰ দৰেই চিন্তা কৰোঁ, এই মানৱ জীৱনটো একেবাৰে অনিশ্চিত। কেতিয়া কি হয়, কি হ’ব আগতীয়াকৈ জানিব নোৱাৰি। মনেৰে কিবা এটা আশা কৰিলেও বহুত  সময়ত বেলেগ এটাহে হয়। আশা কৰাটো ভাল যদিও তাৰ লগতে যি কোনো পৰিস্থিতিৰ বাবে মানসিকভাৱে সাজু হৈ থাকিব লাগে। ভালেই হওক বা বেয়াই হওক, সকলো পৰিস্থিতিৰ লগতে নিজকে খাপ খোৱাব পাৰিলেহে জীৱনটো নিয়ন্ত্ৰনত ৰাখিব পাৰি।(আগলৈ)

No comments