Breaking News

দুৰ্গা পূজাৰ মাজতে মহা অষ্টমীৰ দিনটোত মেৰাপানীত উপস্থিত হ'ল মন্ত্ৰী অজন্তা নেওগ

 

ডিজিটেল সংবাদ, মেৰাপানীঃদুৰ্গা পূজাৰ মাজতে মহা অষ্টমীৰ দিনটোত মেৰাপানীত উপস্থিত হ'ল গোলাঘাট সমষ্টিৰ বিধায়িকা তথা অসম চৰকাৰৰ বিত্ত আৰু মহিলা শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ। মেৰাপানীৰ দৈয়াং গাঁও পঞ্চায়ত, মেৰাপানী গাঁও পঞ্চায়তৰ কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মন্ত্ৰী গৰাকী উপস্থিত হয় মেৰাপানীৰ কালীমন্দিৰ আৰু টাউন খেল পথাৰত অনুষ্ঠিত দুৰ্গা পূজাস্থলীত। মা-দুৰ্গাৰ আশীষ গ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে ৰাইজক দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে।

No comments