Breaking News

গোলাঘাট জিলা তীৰ্থ স্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ সমীপৰ বজাৰ গৃহত আঠখেলীয়া আঞ্চলিক দূৰ্গা পূজা উদ্‌যাপন

 


ডিজিটেল সংবাদ, গোলাঘাটঃগোলাঘাট জিলা তীৰ্থ স্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ সমীপৰ বজাৰ গৃহত আঠখেলীয়া আঞ্চলিক দূৰ্গা পূজা উদ্‌যাপন সমিতিৰ  সমিতিৰ উদ্যোগত ৫দিনীয়া দূৰ্গা পূজাৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতি  কায্যসূচী ৰূপায়ন কৰে। সপ্তমী সন্ধিয়া দিহানাম প্ৰতিযোগিতা মঞ্চ উদ্বোধন কৰে  কায্যবাৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সেৱক সংঘ পদুমণি খণ্ড পাৰ্থপ্ৰতীম হাজৰিকাই আৰু ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিষেশ্বৰ শইকীয়া উপস্থিত থাকি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। অষ্টমী সন্ধিয়া সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ মঞ্চ উদ্বোধন কৰে বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনা গাই। উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি উপেন বৰা। উক্ত অনুষ্ঠানটিত উপস্থিত থাকি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ঘিলাধাৰী থানা সমিতিৰ সভাপতি মৃদুল বৰা,সহকাৰী সম্পাদক পৰাগ বৰুৱা। উক্ত প্ৰতিযোগিতা অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে এখনকৈ গ্ৰন্থ উপহাৰ দিয়ে।আজি সন্ধিয়া সদৌ অসম ভিত্তিত সাজ-সজা আৰু সৌন্দয্য প্ৰতিযোগিতা আনুষ্ঠিত কৰা হব বুলি উদ্‌যাপন সমিতিৰ সম্পাদক জনপ্ৰতিম বৰা জানিবলৈ দিয়ে।  গ্ৰাম্যঞ্চলৰ ল'ৰা-ছোৱালীৰ প্ৰতিভা বিকাশ  কৰি যাতে অসমৰ তথা ভাৰতৰ বিভিন্ন  প্ৰান্তত যাতে নৃত্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰে তাৰে কিছু প্ৰয়াস বুলি কয়।

No comments