Breaking News

শিলনিজানৰ শ্ৰীশ্ৰীদিছিৰীগঞা সত্ৰৰ, সমাজহিতৈশী, স্থিতপ্ৰজ্ঞা তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীৰ মাতৃ ইন্দুবালা গোস্বামীৰ দেহাৱসান।



শিলনিজানৰ শ্ৰীশ্ৰীদিছিৰীগঞা সত্ৰৰ, সমাজহিতৈশী, স্থিতপ্ৰজ্ঞা তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীৰ মাতৃ ইন্দুবালা গোস্বামীৰ  দেহাৱসান। আজি পুৱা ১০ বজাত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ইন্দুবালা গোস্বামীয়ে। মৃত্যুৰ সময়ত গোস্বামীৰ বয়স আছিল প্ৰায় ৮৮ বছৰ । ধৰ্মপ্ৰাণা, বিশিষ্টা মহিলাগৰাকীৰ মৃত্যুৱে এতিয়া ম্ৰিয়মান কৰি তুলিছে পৰিয়াল তথা অসংখ্য গুণামুগ্ধক। 

এগৰাকী মাতৃৰ কষ্ট ত্যাগ তথা সাধনাতে সৃষ্টি হয় সুসন্তান; সেই সন্তান হৈ পৰে এদিন দেশ, জাতি তথা সমাজৰ বৰেণ্য মানৱ সম্পদ৷ এই ক্ষেত্ৰত এগৰাকী সফল মাতৃৰ অৰিহণা অপৰিসীম৷ এনে এগৰাকী আদৰ্শৱান মাতৃৱেই হ’ল ইন্দুবালা গোস্বামী। গোস্বামীয়ে দিছিৰীগঞা সত্ৰৰ সত্ৰীয়া স্বৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ উপৰি ইন্দুবালা গোস্বামীয়ে সমাজলৈ আগবঢ়াইছে জনকল্যাণকামী বহু সেৱা৷ 

গোস্বামীয়ে নিজকে সমাজৰ সমাজত লিপ্ত কৰাই সন্তোষ লাভ কৰিছিল। দিছিৰীগঞাঁ সত্ৰৰ নামত থকা ডাকঘৰৰ গৃহ নিৰ্মাণ, গোলাঘাটৰ ষ্টেচন ৰোডৰ শহুৰ তাৰিণী বল্লভ গোস্বামী সোঁৱৰণি পূজা ঘৰৰ তোৰণ নিৰ্মাণ, স্বামী প্ৰয়াত চণ্ডিকা বল্লভ গোস্বামী সোৱঁৰণি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ তোৰণ নিৰ্মাণ আদি তেখেতৰ অন্যতম সমাজলৈ আগবঢ়োৱা অৱদান। শেহতীয়াকৈ কাৰ্বি-আংলঙৰ বৰপথাৰ হাইস্কুলৰ তোৰণখনি  নিৰ্মাণ কৰি বিদ্যালয়খনৰ এটি বহুদিনীয় আশা পূৰণ কৰে।  

 সৰ্বগুণসম্পন্না ভগৱত ভক্তি পৰায়ণা এগৰাকী বিচক্ষণ বুদ্ধি আৰু সৎসাহসী, পৰোপকাৰীগুণবিশিষ্টা ইন্দুবালা গোস্বামীৰ মৃত্যু সমগ্ৰ শিলনীজানবাসীৰ বাবে এক অপূৰণীয় ক্ষতি।

তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেখেতৰ সত্ৰৰ বাসগৃহত ভিৰ কৰেহি। মৃত্যুৰ সময়ত তেখেতে প্ৰবীণ সংবাদিক, জননী লাইভৰ মুখ্য সম্পাদক অপূৰ্ববল্লভ গোস্বামীসহ চাৰি পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক এই সংসাৰত এৰি গৈছে। 

তেখেতৰ মৃত্যুত প্ৰবীণ শিল্পী মঞ্চ গোলাঘাটৰ সভাপতি ড০ লুকুমণি গোস্বামী, সম্পাদক ৰেকিব শ্বাহ, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰূপজ্যোতি ফুকন, পদুমী ফুকন স্মৃতি ন্যাসকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

No comments