Breaking News

ম্যানমাৰত সংগীতানুষ্ঠানৰ মাজতে সেনাৰ বোমাবৰ্ষণ

ডিজিটেল সংবাদ, ম্যানমাৰত সংগীতানুষ্ঠানৰ মাজতে সেনাৰ বোমাবৰ্ষণ। দেশৰ খনৰ  কাচিনত দেওবাৰে সংঘটিত হৈছিল এই ঘটনা।  ম্যানমাৰৰ সামৰিক বাহিনীৰ  আক্ৰমণত  ৬০ জন লোকৰ থিতাতে মৃত্যু ঘটে।অনুশ্ঠানটো  ম্যানমাৰৰ  সংখ্যালঘু সম্প্ৰদায়ৰ এটা সংগঠনে আয়োজন কৰিছিল। অনুষ্ঠানত শিল্পীসকলে গীত পৰিবেশন কৰি আছিল।সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আয়োজন কৰা হৈছিল অনুষ্ঠানটো ।  কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে  সেনাৰ বোমা বৰ্ষণত  মঞ্চত তেজৰ নৈ  বৈ গৈছিল। উল্লেখ্য যে তথ্য অনুসৰি অনুষ্ঠানটো  চৰকাৰ বিৰোধী বিদ্ৰোহী সংগঠন কাচিন ইণ্ডিপেণ্ডেঞ্চ অৰ্গেনাইজেচন (কেআইঅ')ৰ দ্বাৰা আয়োজিত কৰা হৈছিল। ম্যানমাৰৰ সামৰিক নিয়ন্ত্ৰিত জুন্টাৰ বিৰুদ্ধে  এই গোটটোৱে সদায়  মাত মাতি আহিছে। সংগঠনটোৰ সদস্যসকলে দেওবাৰে ইয়াৰ ৬২ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উদযাপন কৰিছিল। তাতেই সেনাই আক্ৰমণ চলায়। অনুষ্ঠানটোত প্ৰায় ৩০০-৫০০ লোক সমবেত হৈছিল। 

No comments