Breaking News

উত্তৰ গুৱাহাটী গৌৰিপুৰ আৰক্ষী চকীৰ প্ৰশংসনীয় প্ৰদক্ষেপ


 ডিজিটেল সংবাদ, হাজোঃ
উত্তৰ গুৱাহাটী গৌৰিপুৰ আৰক্ষী চকীৰ প্ৰশংসনীয় প্ৰদক্ষেপ---স্বচ্ছতা, নিয়মানুৱৰ্ত্তিতা, আইন শৃংখলা, শব্দ প্ৰদুষণ আৰু প্লাষ্টিক বৰ্জনৰ ওপৰত ভিত্তি আৰক্ষী চকীৰ পূজা অনুষ্ঠিত কৰা পূজা সমিতিলৈ বটাঁ প্ৰদান।  উত্তৰ গুৱাহাটী গৌৰিপুৰ সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ প্ৰথম স্থান আৰু উত্তৰ গুৱাহাটী আপাতকালীন অগ্নিৰ্নিবাপক বাহিনী দুৰ্গাপূজা সমিতিৰ দ্বিতীয় স্থান দখল।  উত্তৰ গুৱাহাটী কলেজনগৰ দুৰ্গাপূজা প্ৰাংগণত  সোমবাৰে অনুষ্ঠিত এক অনুষ্ঠানত বটাঁ প্ৰদান কৰে ৰঙিয়া আৰক্ষী মহকুমাধিপতি সুচান্ত সিং আৰু বাইহাটা আৰক্ষী চকীৰ চক্ৰ পৰিদৰ্শক বিষয়া দিলীপ বনিয়াই। প্ৰতিকূল বতৰতো বটাঁ প্ৰদান অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় শতাধিক ভক্ত উপস্থিত থাকে।                                   

No comments