Breaking News

এটা যুগৰ অৱসান! অসমীয়া ছবিজগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই

 

ডিজিটেল, ডেক্সঃ এটা যুগৰ অৱসান! অসমীয়া ছবিজগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই । নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী অভিনেতাগৰাকীয়ে। বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল নেমকেয়াৰ হাস্পতালত। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৭৫ বছৰ। আজি পুৱা ৯.১৫ বজাত অন্তিম নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা চিৰসেউজ অভিনেতাগৰাকীৰ বলিষ্ঠ অভিনয়ে মোহিত কৰিছিল ৰাজ্যবাসীক। ১৯৪২ চনত জন্মগ্ৰহণ কৰা যশস্বী অভিনেতাগৰাকীৰ স্কুলীয়া জীৱনতে ‘লাচিত বৰফুকন’ নাটকৰ জৰিয়তে অভিনয় ক্ষেত্ৰখনত প্ৰথমটো খোজ থৈছিল। ১৯৫৭ত মুক্তিপ্ৰাপ্ত ‘পিয়লি ফুকন’ত শিশু অভিনেতা ৰূপে  বলিষ্ঠ অভিনেতাগৰাকীৰ আত্মপ্ৰকাশ ঘটিছিল যদিও‘সংগ্ৰাম’ ছবিৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল। ককা দেউতাৰ নাতি আৰু হাতী, আজলি নবৌ, কাল সন্ধ্যা, শকুন্তলা আৰু শংকৰ যোছেফ আলি, মৰীচিকা, কাদম্বৰী, তুমি আহিবানে, পলে পলে উৰে মন, বান্ধৈ, সৰু বোৱাৰী, হিয়া দিয়া নিয়া, তুমি মোৰ মাথোঁ মোৰ, গানে কি আনে, শৈশৱতে ধেমালিতে আদি বহু চলচ্চিত্ৰত কৰা অভিনয়ে অসমীয়াৰ হৃদয়ত স্থান লাভ কৰিছিল জ্যেষ্ঠ অভিনেতাগৰাকীয়ে। বিশেষকৈ ১৯৬৯ত মুক্তি লাভ কৰা ‘ডাঃ বেজবৰুৱা’ ছবিৰে আলোড়নৰ সৃষ্টি কৰিছিল অভিনেতাগৰাকীয়ে। ২০২১ত ড০ ভবেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিতও হৈছিল চিৰসেউজ অভিনেতাগৰাকী। জননী লাইভেও এইগৰাকী চিৰসেউজ অভিনেতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। ৰাজ্যিক মৰ্যাদাৰে কৰা হ’ব যশস্বী অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য।

No comments