Breaking News

ফৰকাটিং ১নং তিৰুৱাল নামঘৰত সপ্তম বাৰ্ষিক অবিৰত ভাগৱত পাঠঃ


ডিজিটেল সংবাদ,  ফৰকাটিং.... ফৰকাটিং ১নং তিৰুৱাল নামঘৰত সপ্তম বাৰ্ষিক অবিৰত ভাগৱত পাঠঃ২৬অক্টোৱৰ পৰা ৩নৱেম্বৰলৈকে।২৬অক্টোৱৰত বিয়লি গংগাজল আনয়ন আৰু হস্তীৰ সৈতে শোভাযাত্ৰা ।সন্ধ্যা অধিবাস,ভাৱগত আদৰণি, নামাচাৰ্য আদৰণি,মূল পাঠকবৃন্দ আদৰণি,নমপ্ৰসঙ্গ,সংকল্প গ্ৰহণ,ঘৰে-ঘৰে বন্তিপ্ৰজ্বলন হৈ যায়। ২৭ অক্টোৱৰ পুৱা ৪বজাত ভাগৱত পাঠৰ উষা কীৰ্তন। প্ৰভাত ফেৰী ,ধৰ্মধ্বজা উত্তোলন কৰে মিনেধৰ নাথে। অবিৰত ভাগৱত পাঠৰ লগত সংগতি ৰাখি নৰেন শইকীয়াৰ সম্পাদনাত প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থ "ভক্তি সৰোবৰ"প্ৰয়াত  ঘনকান্ত নাথৰ স্মৃতিত উছৰ্গা কৰি উন্মোচন কৰে শিৱসাগৰৰ ধৰ্মপ্ৰাণ ব্যক্তি ভৱেন নাথে,স্মৃতি তৰ্পন কৰে মানিক নাথে। ভাগৱত প্ৰদক্ষিণ আৰু প্ৰতিষ্ঠা কৰে বামুণ গাঁও,খৰঙিয়াল সত্ৰৰ নৰেণ মহন্তই। ৰাইজে গামোছা,চেলেং পাৰি ভাগৱতক সেৱা জনাই। ভাগৱত বেদীত বন্তি প্ৰজ্বলন কৰে ড° যতীন নাথে। নাম প্ৰসঙ্গ কৰে-  বামুণ গাঁও,খৰঙিয়াল সত্ৰৰ নৰেণ মহন্তই। ইয়াৰ পিছত ভাৱগত পাঠৰ শুভাৰম্ভ হয়। পাঠ অবিৰত ভাৱে চলি ৩নৱেম্বৰত ভাৱগত সামৰণি পৰি ৰাতিলৈ   ১নং তিৰুৱাল গাঁৱৰ যুৱক বৃন্দৰ দ্ধাৰা মহাপুৰুষ শংকৰদেৱৰ  ভাওনা "কুমৰ হৰণ "প্ৰদৰ্শন কৰা হব।

No comments