Breaking News

গোলাঘাটৰ একমাত্ৰ মহিলা উচ্চ শিক্ষানুষ্ঠান হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান।

 ডিজিটেল, ডেক্সঃগোলাঘাটৰ একমাত্ৰ মহিলা উচ্চ শিক্ষানুষ্ঠান হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান। ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদৰ দ্বাৰা তৃতীয় চক্ৰৰ মুল্যায়ংকনত এ গ্ৰড পাবলৈ সক্ষম হোৱা  হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালখনো গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। এই ঐতিহম্যণ্ডিত শিক্ষানুষ্ঠানখনিৰ অৰ্ধশতকীয় জ্ঞান প্ৰৰিক্ৰমিয় যাত্ৰাৰ অৰ্থপূৰ্ণ উদযাপনৰ বাবে আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে সোণালী জয়ন্তী সামৰণি অনুষ্ঠান। আজি প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্মৃতিতৰ্পন আৰু গ্ৰন্থ মেলাৰ দ্বাৰ উন্মোচন, প্ৰদৰ্শনী দ্বাৰ উন্মোচন আদি কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।

No comments