Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~পঞ্চম খণ্ড

হয়তো সেয়েই কাজিয়া পেচাল হৈ থকা, মনোমালিন্য চলি থকা পতি পত্নীৰ মাজতো সন্তানৰ জন্ম হয়। হৃদয়ে হৃদয়ক বুজি উঠিব সক্ষম নহ’লেও, অন্তৰ দুখন এক হ’ব নোৱাৰিলেও এক দুৰ্বল মুহূৰ্তত শৰীৰ দুটা এক হৈ পৰে।


                     

(মালবিকা শৰ্মা, ভুবনেশ্বৰ)


আজি কিছুদিনৰ পৰা ভাৰতীৰ কথা বৰকৈ মনলৈ আহি আছে। আহিবতো, এই কেইবছৰে তাই মোক কম সহায়খন কৰিছেনে। মোৰ ঘৰৰ সকলো কাম-বন কৰাৰ উপৰিয়ো বজাৰ-সমাৰ তাইয়ে কৰি দিছিল। সকলো কাম কৰি দিয়ে বাবেই তাই বিচৰা মতেই দৰমহা দিয়া, অষুখত পৰিলে ঔষধ কিনি দিয়া, মাজে সময়ে জীয়েকৰ নামত কিছু টকা দিয়া কামবোৰ মই কৰিছিলোঁ। মাকে অতি কম বয়সতে তাইৰ বিয়া দিছিল এটা মদাহীৰ লগত। সদায় গালি খোৱা, মাৰ খোৱা কামটো তাইৰ দুৰ্ভগীয়া জীৱনত সাধাৰন কথা আছিল। তাৰ মাজতে আকৌ জীয়েকৰ জন্ম, দেখ-ভালৰ খৰচ আদিয়ে ভাৰতীক টকা উপাৰ্জন কৰাৰ মেচিনত পৰিনত কৰিছিল। টকাৰ প্ৰয়োজনত কেইবাটাও ঘৰত কাম লৈছিল তাই। কামলৈ আহিলে মই সদায় জোৰকৈ ভাৰতীক ভাত খাবলৈ বাধ্য কৰিছিলোঁ। প্ৰথম অৱস্থাত কিছু লাজ কৰিছিল যদিও পিছলৈ আনন্দ মনেৰে তাই নিজেই খোৱাবস্তু লৈ খাইছিল। মদ খাই লীভাৰ বেয়া হৈ গিৰিয়েকৰ মৃত্যু হোৱাৰ পিছৰ পৰাহে যেন তাই কিছু শান্তিৰে উশাহ লৈছিল। দৰকাৰতকৈ বেছি কষ্ট কৰি কৰি তাইৰো লাহেলাহে গাটো বেমাৰী হৈ আহিছিল। মই ইয়ালৈ অহাৰ কিছুদিন আগতে তাই আৰু কাম কৰিব নোৱাৰে বুলি কৈ কামৰপৰা বিৰতি লৈছিল।

       ভাৰতীৰ জীৱনৰ সৈতে ৰাধিকাৰ জীৱনৰ যথেষ্ট সাদৃশ্য দেখো মই। এজনীৰ ধনীঘৰত জন্ম, আনজনীৰ দুখীয়া ঘৰত কিন্তু চাবলৈ গ’লে দুয়োজনীয়ে গিৰিয়েকৰ দ্বাৰা শোষিত আৰু নিৰ্যাতিত। মোৰ সৰুকালৰ বান্ধৱী ৰাধিকা। হাইস্কুল আৰু কলেজৰ শিক্ষা একেলগে লৈছো। অৱশ্য অনা অসমীয়া পৰম্পৰাগত পৰিয়ালৰ হোৱা হেতুকে তাইৰ স্নাতক ডিগ্ৰি সম্পূ্ৰ্ণ হোৱাৰ আগতেই ঘৰৰপৰা বিয়াখন পাতি দিছিল। আমি কলেজত পঢ়ি থকাৰ সময়ছোৱাত মোবাইল ফোনৰ প্ৰচলন নথকাত বিয়াৰ পিছত তাইৰ সৈতে মোৰ কোনো ধৰনৰ সম্পৰ্ক নাছিল। আজি কেইবছৰমানহে হ’ল, ফেচবুকৰ জৰিয়তে হেৰোৱা সম্পৰ্কটো আকৌ ঘুৰাই পোৱা। মোক ফোন কৰি থকা সময়ৰ অধিকাংশই তাই গিৰিয়েকৰ বিৰূদ্ধে অভিযোগ কৰে। কেনেকৈ বিয়াৰ পিছত গিৰিয়েকে মাকৰ কথা শুনি তাইক বেয়া ব্যৱহাৰ কৰিছিল, কেনেদৰে মাজে সময়ে মদ খাই আহি মাজ ৰাতি তাইৰ ওপৰত হাত তোলিছিল। ল’ৰা-ছোৱালীহাল ডাঙৰ হৈ অহাৰ পিছত, বিশেষকৈ গিৰিয়েকৰ মাকৰ মৃত্যু হোৱাৰ পিছৰ পৰাহে সম্পৰ্ক কিছু তুলনামূলকভাৱে ভাল হৈ আহিছে। এতিয়াও হেনো বৰ এটা দৰকাৰী কাম নাথাকিলে কোনেও কাৰো লগত কথা-বাৰ্তা নকৰে, শুৱা কোঠাও বেলেগ।

      চাবলৈ গ’লে দুয়ো পতি-পত্নীৰ কোনোফালেই মিল নাই। ৰাধিকাই যদি তাইৰ সহজাত ধেমেলীয়া প্ৰকৃতিৰে জীৱনটো সহজভাৱে আগবঢ়াই নিব খোজে, গিৰিয়েকে সেই সময়তে তাইৰপৰা এক পাৰম্পৰিক ৰীতি নীতি মানি, ঘৰৰ সকলো দায়িত্ব পালন কৰি, গিৰিয়েকৰ সকলো কথাই বিনা প্ৰতিবাদেৰে মানি লোৱা, সীমিত কথা কোৱা এগৰাকী আদৰ্শ গৃহিনীক আশা কৰে। ইমান বেয়া পৰিস্থিতি তথা অশান্তিৰ মাজতো দুটাকৈ ল’ৰা-ছোৱালীৰ জন্ম। কেৱল জৈৱিক আকৰ্ষন। আন সকলো জীৱ-জন্তুৰ দৰেই মানুহৰো বিপৰীত লিংগৰ প্ৰতি শাৰীৰিক আকৰ্ষণ এক সহজাত প্ৰবৃত্তি। হয়তো সেয়েই কাজিয়া পেচাল হৈ থকা, মনোমালিন্য চলি থকা পতি পত্নীৰ মাজতো সন্তানৰ জন্ম হয়। হৃদয়ে হৃদয়ক বুজি উঠিব সক্ষম নহ’লেও, অন্তৰ দুখন এক হ’ব নোৱাৰিলেও এক দুৰ্বল মুহূৰ্তত শৰীৰ দুটা এক হৈ পৰে।

   বহু দিনৰ মুৰত ফোনত সিটো মুৰৰপৰা ভাৰতীৰ মাতটো শুনি মনটো ভাল লাগিল। মই যে তাত আৰু নাই, বৰ্তমান বেলেগ ঠাইতহে আছো, শুনি বৰ আছৰিত হ’ল তাই। কি ঠাই, থাকি কেনে লাগিছে ইত্যাদি তাই সোধা প্ৰশ্নবোৰৰ উত্তৰ দি গ’লো মই।

(আগলৈ)

No comments