Breaking News

অসমীয়া লোক সংস্কৃতিৰ সাধক, মিচিং লোক কৃষ্টিৰ জনপ্ৰিয় শিল্পী ধেমাজি জিলাৰ তৰাৱতী মিলি বৰিলৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা ঘোষণা

 




অনিন্দ সুন্দৰ শৰ্মা ঠাকুৰঃ বৰুৱাবামুন গাঁও....অসমীয়া লোক সংস্কৃতিৰ সাধক, মিচিং লোক কৃষ্টিৰ জনপ্ৰিয়  শিল্পী ধেমাজি জিলাৰ তৰাৱতী মিলি বৰিলৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা ঘোষণা । গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু ড°ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, গোলাঘাটে আজি উক্ত বঁটা ঘোষণা কৰিছে । অহা ৫ নৱেম্বৰত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ সমিপত আয়োজিত একাদশ বাৰ্ষিক সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱসত আনুষ্ঠানিকভাৱে উক্ত বঁটা প্ৰদান কৰিব । এই বঁটাত আছে নগদ ২০ হাজাৰ টকা,শৰাই,গামোচা,চেলেং,ফুলৰ থুপা,প্ৰশস্তি পত্ৰ আদি । সুধাকণ্ঠ ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ড° বিপুল চন্দ্ৰ ভূঞা,কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা,সাধাৰণ সম্পাদক দেৱজিৎ ফুকন, দিগন্ত কুমাৰ ভূঞা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নি্ৰঞ্জন  সোণোৱাল আৰু সাধাৰণ সম্পাদক প্ৰিন্স দলেই এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৩ চনৰ পৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা বীৰেণ সিংহ,ৰবীৰাম ব্ৰহ্ম,বীৰুবালা ৰাভা,ধনদা পাঠক,সূৰ্য দাস,লিমচে টিমুং,শিৱচৰণ দাস,উমাকান্ত বৈৰাগী আদিক এই বঁটা ইতিমধ্যে প্ৰদান কৰা হৈছে। উক্ত অনুষ্ঠানত লগত সংগতি ৰাখি পুৱা পতকা উত্তোলন , ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব স্মৃতি ৰক্ষা সমিতিৰ উপদেষ্টা দ্বীপেন দত্তই।


ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত উদ্বোধন কৰিব বিশিষ্ট বোলছবি পৰিচালক দীনেশ গগৈয়ে । চিত্ৰাংকণ প্ৰতিযোগিতা উদ্বোধন কৰিব ৰাজুমণি বেজবৰুৱাই। সন্ধিয়া এহেজাৰ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰিব গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰা, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়াই।  সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ"বলগীয়া সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান অনুষ্ঠানত  মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব গোলাঘাট জিলাৰ উপায়ুক্ত পি,উদয় প্ৰবীণ।,আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ,নুমলীগড় শোধনাগাৰ লিমিটেডৰ মুখ্য মহাপ্ৰৱন্ধক ড°কাজল শইকীয়া । দুটা শাখা ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা,ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ইচ্ছুক ছাত্ৰ,-ছাত্ৰীসকলক ৮৬৩৮৯৫৮৫১২/৭০০২৭৯৫৩৬১/ ৯৩৬৫২৪২১০১ নাইবা ৮৬৩৮০৩৪১৯০ এই ভ্ৰাম্যভাষ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

No comments