Breaking News

.তামুলপুৰত অনুষ্ঠিত সদৌ অসম বিদ্যালয় মাতৃ এচ'চিয়েচনৰ সাধাৰণ সভা, তামুলপুৰ জিলা সমিতি গঠন।

 


ডিজিটেল সংবাদ, তামুলপুৰ: তামুলপুৰত অনুষ্ঠিত সদৌ অসম বিদ্যালয় মাতৃ এচ'চিয়েচনৰ সাধাৰণ সভা, তামুলপুৰ জিলা সমিতি গঠন।তামুলপুৰ জিলা সদৰৰ  তামুলপুৰ আঞ্চলিক দুৰ্গা মন্দিৰত সদৌ অসম বুনিয়াদী বিদ্যালয় মাতৃ এচচিয়েচনৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়। মিনাক্ষী ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হয় সাধাৰণ সভাখন। ৰাজ্যিক সমিতিৰ উপদেষ্টা লুলু শইকীয়া, উপ সভানেত্ৰী মিনা ৰাভাকে ধৰি প্ৰায় দুই শতাধিক বিদ্যালয় মাতৃয়ে অংশ গ্ৰহণ কৰা উক্ত সভাতেই প্ৰদীপ গয়াৰীক মুখ্য উপদেষ্টা, প্ৰণতি  বড়ো, গিৰিকান্ত ৰাভাক উপদেষ্টা আৰু অনিমা বৰ্মনক সভানেত্ৰী, বিদাংশ্ৰী গয়াৰীক উপ সভানেত্ৰী, মিনাক্ষী ব্ৰহ্মক সাধাৰণ সম্পাদিকা হিচাপে লৈ সদৌ অসম বুনিয়াদী বিদ্যালয় মাতৃ এচচিয়েচনৰ তামুলপুৰ জিলা সমিতি খন গঠন কৰা হয়।

No comments