Breaking News

পোৰাবঙলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকিয়াল সংযোগী পথ আগুৰি ধৰা হাবি বাবে আতংকিত ৰাইজ।

ডিজিটেল সংবাদ, নুমলীগড়ঃ   পোৰাবঙলাৰ  ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকিয়াল সংযোগী পথ আগুৰি ধৰা হাবি বাবে আতংকিত ৰাইজ। উপায়ন্তৰ ৰাইজে হাতে হাতে দা লৈ চাফা কৰিলে পথৰ কাষৰ হাবি।হয় পোৰাবঙলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বকিয়াল সংযোগী সমগ্ৰ গড়কাপ্তানী পথচোৱা আগুৰি ধৰিছে হাবিয়ে। যাৰ বাবে উক্ত হাবিত সোমাই থাকে বাঘ আদিৰ দৰে জীৱ জন্তু। সেয়ে উক্ত পথেৰে যাতায়ত কৰা পথচাৰি সকল শংকিত হৈ পৰিছে। বিভিন্ন সময়ত উক্ত পথটোত সেই হাবি খিনিৰ বাবে দুৰ্ঘটনাও সংঘটিত হৈছে।কিন্তু ইমানৰ পাছতো যেন বিয়াগোম গড়কাপ্তানী বিভাগৰ নিয়োজিত কৰ্মী সকলে চাফা নকৰিলে পথৰ কাষৰ হাবি দৰা। উপায়ন্তৰ হৈ ওলাই আহিল হাবি চাফা কৰিবলৈ ৰাইজ।ৰ’দালি আৰু পদুম নামৰ দুই গ্ৰাম্য সংগঠনৰ পাঁচশতাধিক স্থানীয় ভুক্তভুগী মহিলাই হাতে হাতে দা কোৰ লৈ পথৰ পৰা দহফুট পৰ্যন্ত পথৰ কাষৰ জংঘল চাফাই কৰিছে ৷ মাৰবান্ধি ওলাই আহিল কেবাখনো গাৱঁৰ দুটাকৈ গ্ৰাম্য সংগঠনৰ মহিলা একত্ৰিত হৈ ৷ আৰু এইদৰেই  জংঘল চাফাই কৰি কিছু হলেও পথটোৰে অহাযোৱা কৰোতে সাবধান হব পাৰিব অনাহুত পৰিস্থিতি মোকাবিলাৰ বাবে ।

No comments