Breaking News

গৰঙা চাহ বাগিচাত শ্ৰী শ্ৰী মা কালী মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ

ডিজিটেল সংবাদ, চিনাতলীঃ গৰঙা চাহ বাগিচাত শ্ৰী শ্ৰী মা কালী মন্দিৰত  প্ৰাণ প্ৰতিষ্ঠা  সমাৰোহ ।  গৰঙা চাহ বাগিচাত তিনিদিনীয়া কাৰ্যসূচীৰে  গৰঙা চাহ বাগিচাৰ ৰাইজৰ উদ্যোগত , গৰঙা চাহ বাগিচা কতৃপক্ষ অসম চাহ জনজাতি ছাত্ৰ সন্থা শাওঁতলী শাখা সমিতিৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মা কালী পূজা উপলক্ষে এইবাৰ বাগিচাৰ ৰাইজে প্ৰায় ২৫ বছৰীয়া দীৰ্ঘদিনীয়া পৰিকল্পনাক বাস্তৱ ৰূপ প্ৰদান কৰি মা কালীৰ স্থায়ী প্ৰতিমা মন্দিৰত স্থাপনৰ বাবে এই সমাৰোহৰ আয়োজন কৰিছে । আটকধুনীয়াকৈ মন্দিৰৰ প্ৰাঙ্গণ সজাই পৰাই তোলা হৈছে । বেনাৰসৰ পৰা আমন্ত্ৰিত পূজাৰীৰ দ্বাৰা পূজা তথা অভিষেকেৰে মা কালীৰ স্থায়ী প্ৰতিমা বিধিগতভাৱে মন্দিৰত প্ৰতিষ্ঠা কৰিবৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰাছে । সুসজ্জিত ৰথেৰে মা কালীৰ স্থায়ী প্ৰতিমা ধৰ্মীয় শোভাযাত্ৰাৰে পৰিক্ৰমা কৰাই মন্দিৰৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব । এই মন্দিৰৰ সমীপতে ত্ৰ্যম্বকেশ্বৰ জ্যোতিৰ্লিংগৰ আৰ্হিত প্ৰায় পঁচিশ ফুট উচ্চতাৰ এক শিৱ লিংগ স্থাপন কৰা হৈছে । যি ভাগ শিৱলিঙ্গ দ্বিতীয় সৰ্ববৃহৎ লিঙ্গ বুলি ইতিমধ্যে বিভিন্ন প্ৰচাৰ মাধ্যমত চৰ্চিত হৈছে ।

No comments