Breaking News

হাজোত টেম্প'ভেনত বুজন পৰিমাণৰ ড্ৰাগছ সহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী --

 


ডিজিটেল সংবাদ, হাজোঃ 
হাজোত টেম্প'ভেনত বুজন পৰিমাণৰ ড্ৰাগছ সহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী --হাজোত টেম্প'ভেনত এক বুজন পৰিমাণৰ ড্ৰাগছ সহ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে আতিকুৰ ৰহমান আৰু পিংকু আলী। আৰক্ষী সুত্ৰে জানিব পৰা মতে, আজি এক গোপন সুত্ৰৰ ভিত্তিত হাজো আৰক্ষীয়ে হাজো আৰক্ষী থানাৰ সমীপবৰ্তী পতনিত অভিযান চলাই এখন টেম্প'ভেনত লক্ষাধিক টকা মূল্যৰ এক বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰে। গুৱাহাটীৰ দিশৰ পৰা এ এছ - ০১ -জেচি - ৯৬৩২ নম্বৰৰ এখন টেম্প'ভেনেৰে আতিকুৰ ৰহমান নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে হাজো অভিমুখে লৈ আহি থকা অৱস্থাত হাজো আৰক্ষীয়ে পতনিত জব্দ কৰিবলৈ সক্ষম হৈছে

প্ৰায় লক্ষাধিক মূল্যৰ ২৪ গ্ৰামকৈ হেৰ'ইন জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী আতিকুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী আতিকুৰ ৰহমানৰ ভাষ্যৰ ভিত্তিত হাজো আৰক্ষী থানাৰে অন্তৰ্গত বৰ্ণিৰ উত্তৰ ন-পাৰাৰ পৰা পিংকু আলী নামৰ অন্য এজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে নিজ গৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে।.                                  ।। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট ।।

No comments