Breaking News

ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোৱঁৰণী ফুটবল খেল

 


ডিজিটেল সংবাদ, নলবাৰী... ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোৱঁৰণী ফুটবল খেলৰ ফাইনেলত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা বিজয়ী৷ নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত আয়োজিত আৰু পঃবঃধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৩৪তম বৰ্ষৰ বিংশতম বাৰ্ষিক ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেল খন গোৰেশ্বৰ টাউন ক্লাৱ আৰু মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হয়৷খেলখন উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই৷ ৷আনহাতে মুখ্য অতিথি হিচাবে উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷খেলত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই গোৰেশ্বৰ টাউন ক্লাৱক ১-০ গ’লত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান বুতলিবলৈ সক্ষম হয়৷খেলৰ শেষত ক্লাৱৰ সভাপতি ডা°অৰুন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বটাঁ সমূহ বিতৰণ কৰে

No comments