Breaking News

অসম আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সন্দৰ্ভত সংবাদমেল সম্বোধন চি.পি.আই এম.এল দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বিবেক দাসৰ........

 

ডিজিটেল সংবাদ, বিহালী.... অসম আৰু অৰুণাচলৰ সীমা সমস্যাৰ কথা নতুন নহয়। বিগত সময়চোৱাত বিহালীৰ সীমান্তৱতী অঞ্চলৰ অসমৰ কেইবা শ হেক্টৰৰ মাটি ইতিমধ্যে অৰুণাচলী লোকে অবৈধ ভাৱে বেদখল  কৰি প্ৰকৃত সীমাৰ পৰা প্ৰায় তিনি কি:মি: দূৰ অসমৰ ভিতৰলৈ সোমাই আহিছে বুলি দীৰ্ঘদিনীয়া অভিযোগ । শেহতীয়াকৈ, অসম আৰু অৰুণাচলৰ সীমা সমস্যা ৰোধৰ বাবে ছেপ্টেম্বৰ মাহৰ পৰা অসম আৰু চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেইবাজনো মন্ত্ৰীয়ে বিবাদমান ভূমি পৰিদৰ্শন কৰি যোৱা ১১ অক্টোবৰত ১০ ঘন্টীয়া মাৰাথান আলোচনাত মিলিত হৈ এখন সীমা নিৰ্ধাৰণ সমিতি গঠন কৰে । উল্লেখ্য যে এই সীমা নিৰ্ধাৰণ সমিতিত বিগত সময়ত সীমাৰ লগত জড়িত থকা কোনো লোককে জড়িত নকৰাৰ অভিযোগ উত্থাপন কৰি এই ক্ষেত্ৰত  চি পি আই এম এল দলৰ কেন্দ্ৰীয় সদস্য বিবেক দাসে কয়- যে এবাৰ সীমা নিৰ্ধাৰণ কৰাৰ পিছত সেই সীমা সমস্যা সমগ্ৰ জিলাখনৰ ৰাইজৰ বাবে এক অভাৱনীয় সমস্যা হিচাপে পৰিগণিত হ'ব, কাৰণ জিলা প্ৰশাসনৰ মতে বিগত ৭ বছৰৰ আগতে দখল কৰা ভূমি অসমে অৰুণাচলক এৰি দিব লাগিব, গতিকে সময় থাকোঁতেই এই বিষয়ত ৰাইজে আগুৱাই নাহিলে অসমত বসবাস কৰা লোকসকল অৰুণাচলত যোৱাটো হৈ পৰিব নিশ্চিত । সেয়েহে, সীমা নিৰ্ধাৰণৰ পূৰ্বেই সকলো ৰাইজক একেলগে মাত মাতিবলৈ আহ্বান জনায় নেতা গৰাকীয়ে । ইফালে, সংবাদ মেলত বিবেক দাসৰ উপৰিও চিপিআই এম এল দলৰ জিলা সম্পাদক নাৰায়ণ পৌড়েল, লক্ষ্মীকান্ত কুৰ্মীও উপস্থিত থাকে । 

No comments