Breaking News

চাংসাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিদ্যালয় পৰিদৰ্শন

 


ডিজিটেল সংবাদ, মাণ্ডাকাতাঃ চাংসাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিদ্যালয় পৰিদৰ্শন/ৰাজ্যৰ ভিতৰতে চাংসাৰীত আটাইতকৈ সুন্দৰ বিদ্যালয় গঢ় দিয়া হ'ব:মুখ্যমন্ত্ৰী বাইহাটা চাৰিআলি,২৫অক্টোবৰ-ৰাজ্যৰ ভিতৰতে চাংসাৰীত আটাইতকৈ  সুন্দৰ বিদ্যালয় গঢ় দিয়া হ'ব -এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।


মুখ্যমন্ত্ৰীজনে কামৰূপ জিলাৰ চাংসাৰীস্থএকত্ৰীকৰণ কৰি লোৱা  চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি বিদ্যাপীঠ হাইস্কুল দুয়োখনত উপস্থিত হৈ বিদ্যালয় দুখনৰ দূৰৱস্থা প্ৰত্যক্ষ কৰি আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰি উন্নয়নৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।'সকলোৰে বাবে গুণগত শিক্ষা' --আমাৰ চৰকাৰৰ প্ৰাথমিকতা। বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে শৈক্ষিক পৰিৱেশ আৰু শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ মান অধিক উন্নত কৰি অসমৰ শিক্ষানুষ্ঠানসমূহক আদৰ্শ বিদ্যালয় হিচাপে গঢ় দিয়াৰ বাবে  নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি জনায়। এনে প্ৰচেষ্টাৰ অংশস্বৰূপে  আজি মুখ্যমন্ত্ৰীৰগৰাকীৰ সৈতে  সতীৰ্থ মন্ত্ৰী শ্ৰীঅশোক সিংহল,ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্ত, কামৰূপৰ উপায়ুক্ত শ্ৰীকীৰ্তি জল্লী,আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়কে  প্ৰমুখ্যে কৰি ৰাজ্য চৰকাৰ ভালেসংখ্যক উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

No comments