Breaking News

নলবাৰীৰ উত্তৰ গোৱালপাৰাত দীপাৱলীৰ দিনাই উস্ম সম্বৰ্ধনা APSC পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ নিৰ্মালি বৰ্মনক

 

ডিজিটেল সংবাদ, নলবাৰী ...নলবাৰীৰ উত্তৰ গোৱালপাৰাত দীপাৱলীৰ দিনাই উষ্ম সম্বৰ্ধনা APSC পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ নিৰ্মালি বৰ্মনক ,সদ্যঘোষিত APSC পৰীক্ষাত ৫৬ নং স্থান প্ৰাপ্তিৰে উত্তীৰ্ণ হোৱা নিৰ্মালি বৰ্মনক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে উত্তৰ গোৱালপাৰা গাওঁবাসীয়ে। অত্যন্ত মেধাসম্পন্ন নিৰ্মালিক প্ৰথমতে গাঁওবাসীয়ে ঢোলে দগৰে লৰালি কালত পঢ়া স্কুল উত্তৰ গোৱালপাৰা প্ৰাথমিক বিদ্যালয়লৈ আদৰি আনে।তাৰ পিছতে উত্তৰ গোৱালপাৰা চুবুৰী নিবাসী ধীৰেন বৰ্মন আৰু সৰলা বৰ্মনৰ সুযোগ্য জীয়ৰি কৃতি ছাত্ৰী নিৰ্মালি বৰ্মনক উত্তৰ গোৱালপাৰা চুবুৰীৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়েও সম্বৰ্ধনা জনাই।বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ কৰ্মচাৰী চন্দন বৰ্মনে আঁতধৰা আৰু বিশিষ্ট চিকিৎসক ডাঃ প্ৰতুল ভাগৱতীৰ সভাপতিত্বত উত্তৰ গোৱালপাৰা প্ৰাথমিক বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকে গোৱালপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন্দ্ৰ নাথ শৰ্মা,প্ৰধান শিক্ষক মানবেন্দ্ৰ শৰ্মা,শিক্ষাবিদ লক্ষীকান্ত তালুকদাৰ,উত্তৰ গোৱালপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰতিভা বৰ্মন,জাগাৰা হাইস্কুলৰ শিক্ষক উপেন তালুকদাৰ,সমাজকৰ্মী চান মহম্মদ আলিৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি

No comments