Breaking News

আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

 

ডিজিটেল সংবাদ, খুমটাইঃ  আজি অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । গোলাঘাট জিলাৰ খুমটাই  বিধান পৰিষদৰ উদ্যোগতো উলহ মালহেৰে আঞ্চলিক দলটিৰ প্ৰতিষ্ঠা দিৱস পালন কৰে । খুমটাইৰ ঐতিহাসিক চিনাতলী নাট্য মন্দিৰত বিধান পৰিষদে আয়োজন কৰিছে দিনজাৰা কাৰ্যসূচীৰে ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। একালৰ অগপৰ দুৰ্গখ্যাত খুমটাই সমষ্টিত পুনৰ অগপক সাংগঠনিক দিশত অধিক শক্তিশালী কৰাৰ পণ লৈছে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰথমে অসম গণ পৰিষদৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰি শ্বহীদ তৰ্পণ, সৰ্বধৰ্মীয় প্ৰাৰ্থনা ৰূপায়ণ কৰে। অসম গণ পৰিষদ দলৰ যি সকল মহান ব্যক্তিৰ প্ৰচেষ্টাত দলটিয়ে ৩৮ বছৰত ভৰি দিলে সেইসকল মহান ব্যক্তিক স্মৰণ কৰি মৃত ব্যক্তি সকলৰ পৰিয়ালক আৰু দলটিৰ জ্যেষ্ঠ কৰ্মী সকলক সম্বৰ্ধনা জনাৱা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত । আনহাতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত নিৰ্বাচিত হোৱা অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ কৰ্মী সকলকো অভিনন্দন জ্ঞাপন কৰা হয় ।

No comments