Breaking News

বৰহাটৰ পানবাৰীত গুলিৰ আঘাটত এগৰাকী মহিলা

 


ডিজিটেল সংবাদ, সোণাৰিঃবৰহাটৰ পানবাৰীত গুলিৰ আঘাটত এগৰাকী মহিলা গুৰুত্ব ভাবে আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।পৰিয়ালে সূত্ৰে জানিব পৰা মতে  চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীৰ  শিলনী নগা গাঁৱৰ নিবাসী সুৰুষ গোৱালাৰ পত্নী আৰতী গোৱালাৰ নিজা বাসগৃত ঠিয়হৈ থকা অৱস্থাত দিনৰ প্ৰায় ৮বজাত ঘৰৰ টিনপাত ফুটি ভৰিত গুলি লাগি পাৰহৈ যোৱাত মাটিত ধলি পৰে । আনহাতে ঘৰত ভাত খাই থকা  শাহুয়েকে দৈৰি আহি বোৱাৰী আৰতীক গোৱালাক উঠাই আনি তেজে ৰাঙলীহৈ থকা ভৰিখন কাপোৰে বান্ধি দি চিকিৎসালৈ নিয়াৰ ব্যৱস্থা কৰে।ইতিমধ্যে ঘটনাস্থলিত বৰহাট আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মাটিত সোমাই থকা গুলিটো উদ্ধাৰ কৰি লৈ আনে ।উল্লেখ্য যে  এগৰাকী সাধাৰণ দিন হাজিৰা কৰি খাটি খোৱা এগৰাকী মহিলাক লক্ষ্য কৰি ভৰিত গুলীওৱা হৈছিল নে? লক্ষ্যভ্ৰষ্ট হৈ গুলি লাগিল। তাক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ।

No comments