Breaking News

গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰত বান সতৰ্কতা সম্পৰ্কীয় বাটৰ নাট কাৰ্যসূচী মুকলি

 

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ তিনিটা ৰাজহ চক্ৰত বান সতৰ্কতা সম্পৰ্কীয় বাটৰ নাট কাৰ্যসূচী মুকলি  । আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱস উপলক্ষে আজি গোলাঘাট জিলাৰ খুমটাই, বোকাখাত আৰু দেৰগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ উদ্যোগত বান সতৰ্কতা সম্পৰ্কীয় সজাগতামূলক বাটৰ নাট কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । এই কাৰ্যসূচীৰ অংশৰূপে আজি খুমটাই চাৰিআলিত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় । এই উপলক্ষে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত খুমটাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তনভিৰ ইউচুফ আহমেদ, সমাজ সেৱক তথা অৱসৰপ্ৰাপ্ত বায়ুসেনা  বিষয়া ঠগীৰাম গগৈ, দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰ বিষয়া, গাঁওপ্ৰধান আৰু প্ৰতিৰোধী বন্ধু স্বেচ্ছাসেৱীসকল আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ কৰ্মচাৰীসকলে অংশ লয় । এই কাৰ্যসূচীৰ অংশৰূপে খুমটাই আৰু বোকাখাত ৰাজহ চক্ৰৰ অধীনত ছচিয়েল ডেভেলপমেণ্ট ফ'ৰাম নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত বান অধ্যুষিত গাঁওসমূহত বান সতৰ্কতা সম্পৰ্কীয় ১০ খনকৈ বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব । আনহাতে দেৰগাঁৱত জে পি প্ৰডাকচন টীমৰ উদ্যোগত দেৰগাঁৱৰ বান অধ্যুষিত এলেকাত ১০ খন বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব । দেৰগাঁৱত আজি অনুষ্ঠিত বাটৰ নাট কাৰ্যসূচীত চক্ৰ বিষয়া চিৰঞ্জীত দাস, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প প্ৰবন্ধক ৰণী ৰাজকুমাৰ, দেৰগাঁও পৌৰ সভাৰ অধ্যক্ষ আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে অংশ লয় । 

No comments