Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~তৃতীয় খণ্ড

 জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~তৃতীয় খণ্ড

                     মালবিকা শৰ্মা, ভুবনেশ্বৰ


    


    ৰাতিপুৱাৰ পৰাই মনটো ভাল লগা নাই। কেতিয়াবা কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে মনটো বৰ বেয়া লাগি থাকে, মোৰো আজি তেনেই হৈছে। পিতাৰ কথা বৰকৈ মনলৈ আহি আছে। সৰু সুৰা কিবা অলপ সমস্যা আহিলেই ভাৱো কিজানি পিতা থাকিলে এই সমস্যাবোৰ নহ’লহেতেন। সঁচাকৈয়ে আমি সন্তানবোৰে যেতিয়ালৈকে মা-পিতাৰ চত্ৰছায়াত থাকো তেতিয়ালৈকে জীৱনটো যে কি আৰামদায়ক, চিন্তাহীন হৈ থাকে। যেতিয়াই এই চত্ৰছায়াৰ বাহিৰত ওলাই আহিবলগীয়া হয়, সৰু সৰু সমস্যায়ো মনটো বিচলিত কৰি তোলে। পিতাৰ কথা চিন্তা কৰিয়ে আজি কেইশাৰী মান লিখিলোঁ-


   তোমাৰ কথা বৰকৈ মনত পৰে অ পিতাই

   তোমাৰ দৰে মোক ভাল পাওতা কোনো নাই

   সমাজৰ কঠুৱা মাত আৰু ৰুক্ষ ব্যৱহাৰে

   মোৰ মৰম আকলুৱা মনটো,  

   কোমল হৃদয়খন থকা সৰকা কৰে,

   বুকুখন মোৰ বৰকৈ বিষায় অ পিতাই।

  🍂🍂🍂

   ইমান বেদনাদায়ক যে এই মানৱ জীৱন

   তাতোকৈ অসহ্যকৰ কৃত্তিমতাৰ আৱৰণ

   কেনেকৈ বাচিম মই লৈ এই আলসুৱা মন

   তোমাৰ চত্ৰছায়া বিনে এই কঠোৰ সংসাৰত

   কিদৰে সমস্যাৰ সন্মুখীন হ’ম মই অ পিতাই

   তোমাৰ দৰে মোক ভাল পাওতা কোনো নাই।🍂🍂🍂

(ফেচবুকৰ জৰিয়তে অতি আপোন হৈ পৰা দাদা এজনৰ জন্মদাত্ৰী মাতৃয়ে কালি এই জগতৰপৰা বিদায় ল’লে। ফোনত দাদাৰ লগত কথা হোৱাৰ পিছত মোৰো মনটো বৰ দুখ লাগি আছিল। ৰাতি ভালদৰে টোপনি নাহিল। হয়তো সেয়েই আজি এইবোৰ অহেতুক চিন্তা-ভাৱনা)।

      গা ধুই আহি ভগৱানৰ আগত ভালদৰে সেৱা এটা কৰি কিবা এটা ৰান্ধো বুলি পাকঘৰলৈ আহিলোঁ। ভাৰা ঘৰত অহাৰ পিছত ল’ৰাৰ সৈতে ওলাই গৈ দুবাৰমান শাক-পাচলি কিনি আনিছো। নহ’লে কৈ দিলে ঘৰত আনিও দিয়ে। বেছ সজীৱ পাচলিবোৰ দেখিলে ভাল লাগি যায়। দামো বেছি নহয়, আমাৰ ঠাইৰ দৰেই। অৱশ্যে ঘৰত দিব আহিলে অলপ বেছি টকাই পৰে। তথাপিও ভাবো, নিজে আনিবলৈ অটোৰিক্সাত অহা যোৱা কৰিলে নিশ্চয় বেছি খৰচেই পৰিব। সেয়ে অনলাইনত অৰ্ডাৰ কৰি হোম ডেলিভাৰীৰ সুবিধা লৈ আছো।  যিয়েই নহওক ইয়ালৈ অহাৰ পৰা নিজেই সৰু সুৰা কামবোৰ কৰিবলৈ আৰম্ভ কৰিছো। নিজৰ ঘৰত ভৰিৰ ওপৰত ভৰি তুলি আৰাম কৰি, কাম কৰা ছোৱালীজনীয়ে বনাই দিয়া খাদ্য খাই খাই বৰ্তমান যিহে লৰিব নোৱাৰা অৱস্থা হৈছে। সেয়ে ইয়ালৈ আহি পাল মাৰি হ’লেও নিজেই কিছু  কাম কৰিবলৈ আৰম্ভ কৰিছো। চাওচোন কিমান দিন এইদৰে টানিব পাৰোঁ।

     ইয়াত আমাৰ নিজৰ গাড়ী নথকা বাবে ল’ৰাই অটোৰিক্সাৰেই বিশ্ববিদ্যালয়লৈ অহা যোৱা কৰিবলৈ ধৰিছে। ইতিমধ্যেই তাৰ ক্লাচৰ শিক্ষক আৰু সহপাঠী সকলোৰ সৈতে এটা ভাল সম্পৰ্ক গঢ়ি উঠিছে। বেছ ডাঙৰ বিশ্ববিদ্যালয়খন। ইমুৰৰপৰা সিমুৰলৈ খোজ কাঢ়ি গ’লে প্ৰায় পোন্ধৰ-কুৰি মিনিটমান সময় লাগে। ভাৰতীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত ৭ম স্থানত থকা মণিপাল একাডেমী অৱ হায়াৰ এডুকেচন (MAHE) হৈছে ভাৰতৰ মণিপালত অৱস্থিত এখন ব্যক্তিগত ডিমড বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনৰ কেম্পাছ মাংগালুৰু, বেংগালুৰু, মালাকা, ডুবাইতো  আছে।  ২০২১ চনলৈকে মণিপালে ৩০টা শাখাত ৩৫০টাতকৈও অধিক কাৰ্যসূচী আগবঢ়াইছে। মণিপালৰ এই বিশ্বিবদ্যালয়ৰ চৌহদটোয়ে ৬০০ একৰ (২.৪ কিলোমিটাৰ) ভূমি সামৰি লৈছে আৰু ইয়াক স্বাস্থ্য বিজ্ঞান চৌহদ আৰু এম আই টি চৌহদত ভাগ কৰা হৈছে।  কেম্পাছটোৰ ভিতৰত আছে এটা বৃহৎ পুথিভঁৰাল, এটা ইনড’ৰ স্প’ৰ্টছ কমপ্লেক্স আৰু এটা সংগ্ৰহালয়।

(আগলৈ)

No comments